বঢ়মপুৰ, 8 জানুৱাৰী : বৰ্তমান একাংশ প্ৰৱঞ্চক ব্যৱসায়ীৰ বাবে ৰাজ্যৰ বিভিন্ন বজাৰ ভৰি পৰিছে ৷ ধানৰ বস্তাৰ পৰা আৰম্ভ কৰি সকলো ব্যৱসায়ত প্ৰৱঞ্চক ব্যৱসায়ীয়ে গ্ৰাহকক ঠগাই টকা ঘটাৰ বাবে চেষ্টা কৰি আহিছে ৷ এইবাৰ এনেকুৱা এক অনুৰূপ ঘটনা সংঘটিত হৈছে নগাঁও জিলাত ৷
নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ কামপুৰ শুকুৰবৰীয়া সাপ্তাহিক বজাৰত অসাধু ব্যৱসায়ীয়ে তামোলৰ বস্তাৰ ওজন বঢ়াবলৈ তামোলৰ বস্তাৰ ভিতৰত ভৰাই আনিছে দমে দমে ইটা ৷
গ্ৰাহকৰ অভিযোগ অনুসৰি,11 টা তামোলৰ বস্তাৰ ভিতৰৰ পৰা ওলাইছে 167 কেজি ইটা ৷ দীৰ্ঘদিনৰ পৰাই ব্যৱসীয়া দুগৰাকীয়ে গ্ৰাহকৰ মূৰত ৰাম টাঙোন মাৰি তামোলৰ সমান্তৰালভাৱে ইটা বিক্ৰী কৰি আহিছে ৷ বৰ্তমান ৰাইজে দুয়ো গৰাকী প্ৰৱঞ্চকক আটক কৰি বিচাৰৰ বাবে গতাই দিছে বজাৰ কমিটীক ৷
লগতে পঢ়ক : আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত মন্তব্য অনুপ চেতিয়াৰ