নগাঁও, 11 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তাল ৰাজ্য ৷ শুকুৰবাৰে মাজনিশা সমগ্ৰ দেশতে বলৱৎ কৰা হয় নাগৰিকত্ব সংশোধনী আইন 2019 ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজপত্ৰৰ জৰিয়তে এই অধিসূচনা জাৰী কৰাৰ পাছতেই উত্তাল হৈ পৰে ৰাজ্য ৷ নগাঁও জিলাতো এই আইনৰ বিৰোধিতা কৰি সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা পৰিষদে হাতে-হাতে ক'লা পতাকা লৈ নগাঁৱৰ ৰাজপথ বিশাল সমদল উলিয়াই ৷ কোনো কাৰণতে এই আইন মানি নোলোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷
অন্য এক খবৰৰ বাবেঃ ১৩ জানুৱাৰীত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন