ETV Bharat / state

Drugs Peddler Arrested: নগাঁৱত আদালত চৌহদৰ পৰাই ড্ৰাগছসহ আটক অধিবক্তা ৰিজোৱান

নগাঁও আদালত চৌহদৰ পৰাই বুধবাৰে আটক ড্ৰাগছ সৰবৰাহকাৰী অধিবক্তা ৷ নিষিদ্ধ হেৰ'ইন সহ অধিবক্তাই আটক কৰি আৰক্ষীক গতালে অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানক ৷

author img

By

Published : Jul 6, 2023, 7:14 AM IST

Nagaon Advocate arrested with Drugs
আটক ড্ৰাগছ সৰবৰাহকাৰী অধিবক্তা
নগাঁৱত ড্ৰাগছসহ আটক অধিবক্তা

নগাঁও, ৬ জুলাই: নগাঁও আদালত চৌহদৰ পৰাই বুধবাৰে আটক ড্ৰাগছ সৰবৰাহকাৰী অধিবক্তা ৷ অধিবক্তাৰ ৰূপত ড্ৰাগছৰ বেহা চলোৱাৰ অভিযোগ অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানৰ বিৰুদ্ধে ৷ আটকাধীন ৰিজোৱানৰ পৰা জব্দ মাৰাত্মক ড্ৰাগছ ৷

পুনৰ ৰঙা ঘৰৰ আলহী হ'ল নগাঁও উকীল সন্থাৰ বহিষ্কৃত অধিবক্তা হুছেইন মহম্মদ ৰিজোৱান ৷ বুধবাৰে নগাঁও আদালত চৌহদৰ পৰাই নিষিদ্ধ হেৰ'ইনসহ অধিবক্তাই আটক কৰি আৰক্ষীক গতালে অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানক ৷ নগাঁও উকীল সন্থাৰ সভাপতি আবুল হাচেম খণ্ডকাৰে কৰা অভিযোগ অনুসৰি সন্থাৰ পৰা বহিস্কাৰ হোৱা অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানে আদালত চৌহদতে ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে একাংশ অধিবক্তাই হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : Maha Jan Sampark Abhiyan:গুৱাহাটীত বিশিষ্ট নাগৰিকৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অধিবক্তাই হুছেইন মহম্মদ ৰিজোৱানৰ লগত থকা ড্ৰাগছৰ পেকেট জব্দ কৰি খবৰ দিয়ে আৰক্ষীক ৷ লগে লগে আৰক্ষী উপস্থিত হৈ আদালত চৌহদৰ পৰাই অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানক আটক কৰি টানি-আজুৰি লৈ যায় আৰক্ষী থানালৈ ৷ আৰক্ষীয়ে আটক কৰাৰ সময়ত কেমেৰাৰ সন্মুখত লম্ফ-জম্ফ কৰে অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানে ৷

নগাঁও উকীল সন্থাৰ সভাপতি আবুল হাচেম খণ্ডকাৰৰ চক্ৰান্তৰ বলি হোৱা বুলিও অভিযোগ কৰে ড্ৰাগছসহ আটক হোৱা অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানে ৷ উল্লেখযোগ্য যে, এটা পকচ' গোচৰতো কিছুদিন পূৰ্বে জেল হাজোতৰ ভাত খাবলগীয়া হৈছিল ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত আটক হোৱা এইজন অধিবক্তা হুছেইন মহম্মদ ৰিজোৱান ৷ সেই সময়তে নগাঁও উকীল সন্থাই সন্থাৰ পৰা বহিস্কাৰ কৰিছিল অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানক ৷

উল্লেখযোগ্য যে, নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন আৰু সৰবৰাহৰ বিৰুদ্ধে জিলাখনত আৰক্ষী কঠোৰৰ পৰা কঠোৰ হৈছে যদিও এতিয়াও কিছু অপৰাধীয়ে ঠায়ে ঠায়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰবৰাহ ৷ তাৰ মাজতেই এনেদৰেই আদালত চৌহদৰ পৰাই আটক হ’ল ড্ৰাগছ সৰবৰাহকাৰী অধিবক্তা ৷

লগতে পঢ়ক : Drug Peddlers Arrested in Maibong:মাইবং আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.