ETV Bharat / state

নগাঁৱৰ কেবাগৰাকী বিশেষজ্ঞ চিকিৎসকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা

author img

By

Published : Feb 10, 2020, 4:52 PM IST

নগাওঁ স্বাস্থ্য বিভাগত হাহাকাৰ। কৰ্তব্যত গাফিলতি কৰি ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ অভিযোগ নগাঁৱৰ বহু চিকিৎসকৰ বিৰুদ্ধে। কেইবাজনো চিকিৎসকৰ লগতে নাৰ্ছৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা স্বাস্থ্য বিভাগৰ।

NAGAON ACTION AGAINST DOCTOR
নগাঁৱৰ কেবাগৰাকী বিশেষজ্ঞ চিকিৎসকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা

নগাঁও, 10 ফেব্ৰুৱাৰীঃ কেৱল ধনৰ আশাত অধিকাংশ সময়েই ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসা প্ৰদানৰ অভিযোগ উত্থাপন হৈ আহিছে নগাঁৱৰ একাংশ চিকিৎসকৰ বিৰুদ্ধে । দীৰ্ঘদিন ধৰি এনে একাংশ চিকিৎসকৰ বাবে চৰকাৰী চিকিৎসালয়ত ৰোগীয়ে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে । আনকি জিলাখনৰ বৰমূৰীয়াক মেনেজ কৰিয়েই একাংশ চিকিৎসকে কৰ্তব্যত গাফিলতি কৰি অহাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে স্বাস্থ্য বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষৰ এটা দলে দিয়া চাডেন ভিজিটে হাহাকাৰ লগাইছে নগাওঁ স্বাস্থ্য বিভাগত ।

স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সঞ্চালক ডঃ অচ্যুত বৈশ্যৰ নেতৃত্বত এটা দলে ইতিমধ্যে হঠাৎ ভিজিট কৰি ধৰা পেলাই একাংশ চিকিৎসকৰ গাফিলতি। লগে লগেই কেবাগৰাকী চিকিৎসকৰ লগতে নাৰ্ছৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে শাস্তিমূলক ব্যৱস্থা । দীৰ্ঘদিন ধৰি নিজৰ খেয়াল খুচি মতে কৰ্তব্য পালন কৰি অহা নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ জে আহমেদক কোকৰাঝাৰলৈ শাস্তিমূলক বদলিৰ নিৰ্দেশ দিয়াৰ লগতে উপ অধীক্ষক ডাঃ হিতেশ্বৰ গগৈক জখলাবন্ধা, স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ এল পি শৰ্মাক হাফলঙলৈ, স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ লতিফুৰ ৰহমানক হাইলাকান্দিলৈ, শিশু ৰোগ বিশেষজ্ঞ ডাঃ দেৱজিত মেধিক চিৰাঙলৈ আৰু ডাঃ আতাওৰ ৰহমানক বঙাইগাঁৱলৈ বদলিৰ নিৰ্দেশ দিয়ে । লগতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত চাৰিগৰাকীকৈ নাৰ্ছকো দিয়ে বদলিৰ নিৰ্দেশ । উল্লেখযোগ্য যে, নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ জে আহমেদ কিছুদিন পূৰ্বে কৰ্তব্যত গাফিলতি কৰাৰ বাবে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ককৰ্থনাৰ সন্মুখীন হৈছিল।

Intro:নগাওঁ স্বাস্থ্য বিভাগত হাহাকাৰ। কৰ্তব্যত গাফিলতি কৰি ব্যক্তিগত নাৰ্ছিংত চিকিৎসা প্ৰদানৰ অভিযোগ নগাঁৱৰ বহু চিকিৎসকৰ বিৰুদ্ধে। কেইবাজনো চিকিৎসকৰ লগতে নাৰ্ছৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা স্বাস্থ্য বিভাগৰ।

Body:কেৱল ধনৰ আশাত অধিকাংশ সময়েই ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসা প্ৰদানৰ অভিযোগ উত্থাপন হৈ আহিছে নগাঁৱৰ একাংশ চিকিৎসকৰ বিৰুদ্ধে। দীৰ্ঘদিন ধৰিয়েই এনে একাংশ চিকিৎসকৰ বাবে চৰকাৰী চিকিৎসালয়ত ৰোগীয়ে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে । আনকি জিলাখনৰ বৰমূৰীয়াক মেনেজ কৰিয়েই একাংশ চিকিৎসকে কৰ্তব্যত গাফিলতি কৰি অহাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে স্বাস্থ্য বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষৰ এটা দলে দিয়া চাডেন ভিজিটে হাহাকাৰ লগাইছে নগাওঁ স্বাস্থ্য বিভাগত। স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সঞ্চালক ডঃ অচ্যুত বৈশ্যৰ নেতৃত্বত এটা দলে ইতিমধ্যে হঠাৎ ভিজিট কৰি ধৰা পেলাই একাংশ চিকিৎসকৰ গাফিলতি। লগে লগেই গ্ৰহণ কৰে কেবাগৰাকী চিকিৎসকৰ লগতে নাৰ্ছৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থাৰ। দীৰ্ঘদিন ধৰি নিজৰ খেয়াল খুচি মতে কৰ্তব্য পালন কৰি অহা নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ জে আহমেদক কোকৰাঝাৰলৈ শাস্তিমূলক বদলিৰ নিৰ্দেশ দিয়াৰ লগতে উপ অধীক্ষক ডাঃ হিতেশ্বৰ গগৈক জখলাবন্ধা, স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ এল পি শৰ্মাক হাফলঙলৈ, স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ লতিফুৰ ৰহমানক হাইলাকান্দিলৈ, শিশু ৰোগ বিশেষজ্ঞ ডাঃ দেৱজিত মেধিক চিৰাঙলৈ আৰু ডাঃ আতাওৰ ৰহমানক বঙাইগাঁৱলৈ বদলিৰ নিৰ্দেশ দিয়ে। লগতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত চাৰিগৰাকীকৈ নাৰ্ছকো দিয়ে বদলিৰ নিৰ্দেশ। উল্লেখযোগ্য যে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ জে আহমেদ কিছুদিন পূৰ্বে কৰ্তব্যত গাফিলতি কৰাৰ বাবে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ককৰ্থনাৰ সন্মুখীন হৈছিল।
bite- অতুল পাটৰ, যুটীয়া স্বাস্থ্য সঞ্চালক, নগাওঁ
----------------------------------------- -------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১০-২-২০

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.