নগাঁও, ২৪ জানুৱাৰী : বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা । নগাঁও সদৰ সমষ্টিটো পুনৰ বিজেপিৰ দখলত ৰাখিবলৈও তৎপৰ হৈ পৰিছে বিধায়ক ৰূপক শৰ্মা । নগাঁও সদৰ সমষ্টিত বিধায়ক ৰূপক শৰ্মাই কৰা উন্নয়নমূলক কামকে মূল ইছ্যু হিচাপে লৈ সমষ্টিটো পুনৰ দখল কৰিবলৈ বৃদ্ধি কৰিছে তৎপৰতা । বিধায়কগৰাকীয়ে কৰা উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ ইতিমধ্যে বিভিন্ন দলৰ নেতা কৰ্মীয়ে যোগদান কৰিছে বিজেপি দলত।
দেওবাৰে নগাঁও সদৰ সমষ্টিৰ হয়বৰগাঁও মণ্ডলৰ ২০নং ৱাৰ্ডত অনুষ্ঠিত ৰাজহুৱা সভাত বিভিন্ন দলৰ শতাধিক কৰ্মী সমৰ্থকে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত । বিভিন্ন দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা লোকসকলক উষ্ম আদৰণি জনায় বিধায়ক ৰূপক শৰ্মাই ।
ইফালে নতুন সদস্যৰ অন্তৰ্ভুক্তিয়ে বিজেপি দলৰ ভেটি আৰু অধিক শক্তিশালী কৰিব বুলি আশাবাদী বিধায়ক ৰূপক শৰ্মা । ভাৰতীয় জনতা পাৰ্টিৰ হয়বৰগাঁও মণ্ডলৰ সভাপতি দীপাংকৰ ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সভাত দলটোৰ কেইবাজনো নেতা উপস্থিত থাকে ।
লগতে পঢ়ক :বিজেপি আৰু আঞ্চলিক শক্তিক ৰুধিব পাৰিবনে কংগ্ৰেছ-এআইইউডিএফে ?