কলিয়াবৰ,২৯ ডিচেম্বৰ : ১৯২৬ চনৰ ২৯ ডিচেম্বৰত গুৱাহাটীত জন্ম হৈছিল 'এখুদ ককাইদেউ' খ্যাত কবি নৱকান্ত বৰুৱাৰ । সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট কবি-সাহিত্যিকগৰাকীৰ জন্মদিন অসমৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে । নগাঁও জিলাৰ কলিয়াবৰতো এই বিশেষ দিনটো 'কবিতাৰ দিন' হিচাপে পালন কৰা হৈছে (Nabakanta Baruah's birth anniversary celebrate at Kaliabor)।
কলিয়াবৰ প্ৰেছ ক্লাৱ, কলিয়াবৰ মহকুমা পুথিভঁৰাল আৰু উন্মীলন-এখন নতুন পৃথিৱীলৈৰ উদ্যোগত আয়োজন কৰা হয় । অসমীয়া কবিতা-উপন্যাস-গীতৰ জগতলৈ নৱকান্ত বৰুৱাৰ অৱদানৰ বিষয়ে এক মনোজ্ঞ বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হয় । কলিয়াবৰ মহকুমা পুথিভঁৰালত কলিয়াবৰৰ বাচক-বনীয়া কবিৰ কবিতা পাঠ আৰু এক গীতৰ অনুষ্ঠানৰ মাজেৰে এই দিনটো পালন কৰা হয় ।
উল্লেখ্য যে মহান কবিগৰাকীৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে । নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা-পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তুৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে ।
পুৱাই নৱকান্ত বৰুৱাৰ ফটোত বন্তি প্ৰজ্বলন কৰে অতুল শৰ্মাই লগতে ভবেন্দ্ৰ নাথ শইকীয়াৰ ফটোত বন্তি প্ৰজ্বলন কৰে লেখক হেমন্ত গোস্বামীয়ে । কলিয়াবৰৰ নিৰ্বাচিত ৩৫ গৰাকীকৈ ব্যক্তিয়ে কবিতা পাঠেৰে জীপাল হৈ পৰে ভবেন্দ্ৰ নাথ শইকীয়া পুথিভঁড়াল । অনুষ্ঠানটোতে উন্মীলন-এখন নতুন পৃথিৱীলৈয়ে বুৰঞ্জীৰ প্ৰণেতা লীলাধৰা বৰা সোঁৱৰণী উন্মীলন শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা ঝুনাকংকন ভূঞা আৰু উন্মীলন সাধনা বঁটা কলিয়াবৰৰ উদ্যমী যুৱতী অলিস্মিতা শইকীয়াক প্ৰদান কৰে ।
লগতে পঢ়ক :বিহপুৰীয়াত "বিধায়ক কাপ” শীৰ্ষক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা