চামগুৰি, ৭ জুন : চিৰবিদায় মাগিলে প্ৰাক্তন ৰাষ্ট্ৰীয় বাস্কেটবল খেলুৱৈ, ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰশিক্ষক মোজাহিদ আহমেদ শইকীয়া (Mujahid Ahmed saikia)ই । শাৰীৰিকভাৱে অসুস্থ হোৱাৰ পিছতে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত ভৰ্তি কৰোৱা হৈছিল ।
![MUJAHID AHMED SAIKIA PASSED AWAY](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-smg-02-7jun-ex-basketball-player-death-images-asc10079_07062021111037_0706f_1623044437_479.jpg)
চিকিৎসাধীন অৱস্থাতে দেওবাৰে পুৱতি নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । মোজাহিদ আহমেদ শইকীয়া (Mujahid Ahmed saikia) অসম বাস্কেটবল সন্থাৰ সম্পাদক আছিল । নগাঁও চহৰৰ এম ডি ৰোডৰ শইকীয়া মাৰ্কেট নিবাসী মোজাহিদ আহমেদ শইকীয়া কিছুদিন পূৰ্বে কৰ'ণা (Corona)ত আক্ৰান্ত হৈছিল ।
তেওঁ আৰোগ্য লাভ কৰিছিল যদিও শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভূগি আছিল । অৱশেষত তেওঁ ইহলীলা সম্বৰণ কৰে । মোজাহিদ আহমেদ শইকীয়া (Mujahid Ahmed saikia)ৰ মৃত্যুৰ বাতৰিয়ে শোকবিহ্বল কৰি তুলিছে ক্ৰীড়া জগতৰে জড়িত প্ৰতিগৰাকী ব্যক্তিকে ।