কলিয়াবৰ,23 মাৰ্চ: কলিয়াবৰত কেশৱ মহন্তক বিজয়ী কৰাৰ আহ্বান পত্নী লতাশ্ৰী মহন্তৰ । সমাগত নিৰ্বাচনত কলিয়াবৰৰ প্ৰাৰ্থী কেশৱ মহন্তৰ জয় নিশ্চিত কৰাৰ লক্ষ্যৰে কেৱল মহন্ত ভাতৃয়েই নহয়, পত্নী আৰু দুই তনয়াই নিৰ্বাচনী প্ৰচাৰত সক্ৰিয় অংশগ্ৰহণ কৰা দেখা গ'ল কলিয়াবৰত ।
কলিয়াবৰ চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱা মহন্ত পত্নীয়ে আজি বিয়লি সৰুভগীয়াত এটা দলীয় নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। কাৰ্যালয় মুকলি কৰাৰ পাচতেই সমৰ্থকক লগত লৈ এক পদযাত্ৰাত অংশ লয় । এই পদযাত্ৰাত অংশ লৈ কেশৱ মহন্তই যি ধৰণে কলিয়াবৰীয়া ৰাইজৰ আপদে-বিপদে সহযোগ কৰে, সেই দিশৰ পৰা এইবেলিও বিপুল ভোটত বিজয়ী কৰিব বুলি আশা প্ৰকাশ কৰে ।
লগতে পঢ়ক: নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ জয় নিশ্চিত: দিলীপ শইকীয়া