নগাঁও, ১১ মাৰ্চ : কেৱল সংখ্যালঘূৰ ভোটেৰেই সাংসদৰূপে নিৰ্বাচিত হৈছিল গৌৰৱ গগৈ । কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তর্গত ৰূপহীহাটত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাই এই মন্তব্য সংখ্যালঘু নেতা আব্দুল আজিজৰ । দেওবাৰে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাচতেই সোমবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তর্গত ৰূপহীহাটত মেঘালয়ৰ মুখ্যমন্ত্ৰী কোনৰাড চাংমাৰ নেতৃত্বাধীন নৱ গঠিত এন পি পি দলৰ হৈ নিৰ্বাচনী ৰণশিঙা বজালে প্ৰাক্তন বিধায়ক আব্দুল আজিজে । দলটোৰ কেইবাজনো শীৰ্ষ নেতৃত্বক লগত লৈ নেতাগৰাকীয়ে আৰম্ভ কৰে সদস্য ভৰ্তি কার্যসূচী ।
সংখ্যালঘূৰ ভোটেৰেই সাংসদ হৈছিল গৌৰৱ গগৈ : সংখ্যালঘু নেতা আব্দুল আজিজ - আব্দুল আজিজ
গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাবলৈ টঙালি আব্দুল আজিজৰ
নগাঁও, ১১ মাৰ্চ : কেৱল সংখ্যালঘূৰ ভোটেৰেই সাংসদৰূপে নিৰ্বাচিত হৈছিল গৌৰৱ গগৈ । কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তর্গত ৰূপহীহাটত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাই এই মন্তব্য সংখ্যালঘু নেতা আব্দুল আজিজৰ । দেওবাৰে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাচতেই সোমবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তর্গত ৰূপহীহাটত মেঘালয়ৰ মুখ্যমন্ত্ৰী কোনৰাড চাংমাৰ নেতৃত্বাধীন নৱ গঠিত এন পি পি দলৰ হৈ নিৰ্বাচনী ৰণশিঙা বজালে প্ৰাক্তন বিধায়ক আব্দুল আজিজে । দলটোৰ কেইবাজনো শীৰ্ষ নেতৃত্বক লগত লৈ নেতাগৰাকীয়ে আৰম্ভ কৰে সদস্য ভৰ্তি কার্যসূচী ।
Body:হয়, গৌৰৱ গগৈ সাংসদ নিৰ্বাচিত হৈছে একমাত্ৰ সংখ্যালঘু ভোটেৰে। সংখ্যালঘু ভোট লাভ নকৰিলে আমানতৰ ধন বাজেয়াপ্ত হব তৰুণ গগৈৰ তনয় সাংসদ গৌৰৱ গগৈৰ। এই কথা আমি কোৱা নাই। লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিয়েই এই মন্তব্য সংখ্যালঘু নেতা আব্দুল আজিজৰ। দেওবাৰে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই সোমবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তর্গত ৰূপহীহাটত নিৰ্বাচনী ৰণশিঙা বজালে আব্দুল আজিজে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কোনৰাড চাংমাৰ নেতৃত্বাধীন নৱ গঠিত এন পি পি দলৰ হৈ প্ৰাক্তন বিধায়ক আব্দুল আজিজে আৰম্ভ কৰিলে লোকসভা নিৰ্বাচনৰ ৰণকৌশল। দলটোৰ কেইবাজনো শীৰ্ষ নেতৃত্বক লগত লৈ আব্দুল আজিজে গ্ৰহণ কৰিলে সদস্য ভৰ্তি কার্যসূচী। এই কার্যসূচীতেই আব্দুল আজিজে কৰিলে এই মন্তব্য।
bite. আব্দুল আজিজ।
Conclusion:বিগত লোকসভা নিৰ্বাচনত সাংসদ গৌৰৱ গগৈৰ হৈ সংখ্যালঘু অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলোৱা আব্দুল আজিজে এইবাৰ সঁচাকৈয়ে আউল লগাব নেকি গৌৰৱ গগৈৰ অংকত।
-------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১১-৩-১৯