ETV Bharat / state

Gaurav Gogoi slams Govt : পুলৱামাকাণ্ডৰ বিতৰ্ক সন্দৰ্ভত সংবাদ মাধ্যমক উভতি ধৰিলে গৌৰৱ গগৈয়ে

author img

By

Published : Apr 17, 2023, 6:00 PM IST

পুলৱামাকাণ্ডৰ বিতৰ্কক লৈ এইবাৰ সৰৱ হ’ল সাংসদ গৌৰৱ গগৈ (MP Gaurav Gogoi on Pulwama attack issue)। চৰকাৰক তীব্ৰ সমালোচনা গগৈৰ । সংবাদ মাধ্যমৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিলে সাংসদ গগৈয়ে ।

Gaurav Gogoi slams Govt
সংবাদ মাধ্যমক উভতি ধৰিলে গৌৰৱ গগৈয়ে
সংবাদ মাধ্যমক উভতি ধৰিলে গৌৰৱ গগৈয়ে

কলিয়াবৰ, ১৭ এপ্ৰিল : পুলৱামাকাণ্ডক লৈ পুনৰ দেশত বিতৰ্ক আৰম্ভ হৈছে (Pulwama attack controversy)। জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে পুলৱামাকাণ্ডক লৈ কৰা এক মন্তব্যই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ গাফিলতিৰ বাবে পুলৱামাকাণ্ড সংঘটিত হৈছিল বুলি মালিকে কৰা মন্তব্যৰ পাচতে ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (JK Ex Governor statement over Pulwama attack)।

কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়েও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (MP Gaurav Gogoi reacts over Pulwama attack issue)। জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ‍্যপাল সত‍্যপাল মালিকৰ শেহতীয়া এক সাক্ষাৎকাৰৰ প্ৰসংগ উল্লেখ কৰি তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰে । এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ বিভাগে সেনাৰ সুৰক্ষাৰ বাবে পৰ্যাপ্ত ব‍্যৱস্থা নকৰাৰ ফলতে সেই নাৰকীয় ঘটনা সংঘটিত হোৱা বুলি তেওঁ অভিযোগ কৰে । গৌৰৱ গগৈৰ মতে গৃহ বিভাগে কৰা এনে কাৰ্যৰ উচিত তদন্তও এই পৰ্যন্ত নহ'ল (MP Gaurav Gogoi slams govt)।

উল্লেখ্য যে, যোৱা ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ১৪ ফেব্ৰুৱাৰী তাৰিখে কাশ্মীৰৰ বাৰামুলা জিলাৰ পুলৱামাত সংঘটিত হৈছিল হৃদয় বিদাৰক ঘটনাটো । ভাৰতীয় সেনা ভৰ্তি কনভয়ত আক্ৰমণ কৰা হৈছিল । বিস্ফোৰক সামগ্ৰী ভৰ্তি বাহনে খুন্দিওৱাৰ ফলত ভয়ংকৰ বিস্ফোৰণ হয় । য'ত ৪০ জনকৈ জোৱান শ্বহীদ হয় (Pulwama attack)।

সেই দেশ কঁপোৱা ঘটনাক লৈ পুনৰ প্ৰাক্তন ৰাজ্যপাল মালিকে মন্তব্য কৰাৰ পাচতে দেশত উত্তেজনাৰ সৃষ্টি হৈছে । ইফালে ৰাজ্যপালগৰাকীৰ মন্তব্যৰ পাচতো একাংশ সংবাদমাধ্যমে বিষয়টোক লৈ গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰিছে গৌৰৱ গগৈয়ে (Gaurav Gogoi criticized media)। এনে পৰিস্থিতিত সংবাদমাধ্যমৰ প্ৰতি মানুহৰ বিশ্বাস নাইকীয়া হ'ব বুলিও সাংসদগৰাকীয়ে দাবী কৰে । একাংশ সংবাদমাধ্যমে এই বাতৰিটো ৰাজনৈতিক স্বাৰ্থত লুকুৱাব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে । অৱশ্যে সত্যপাল মালিকে সেই মন্তব্য পৰৱৰ্তী সময়ত উঠাই লয় ৷

লগতে পঢ়ক :Bathinda firing case: বাথিণ্ডা কাণ্ডৰ সৈতে জড়িতৰ সন্দেহত সেনা জোৱান আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.