ETV Bharat / state

Drug addicted youth : ড্ৰাগছ সেৱন কৰিবলৈ মাতৃৰ গহনা চুৰি পুত্ৰৰ: মাতৃৰ এজাহাৰ দাখিল - Itachali town out post

ড্ৰাগছ সেৱন কৰিবলৈ মাতৃৰ গহনা চুৰি পুত্ৰৰ । পুত্ৰৰ বিৰুদ্ধে থানাত মাতৃৰ এজাহাৰ । মাতৃৰ এজাহাৰৰ ভিত্তিত আটক ড্ৰাগছ আসক্ত পুত্ৰক (Mother file FIR against son for consuming drugs) ।

Mother file FIR against son
ড্ৰাগছ সেৱন কৰিবলৈ মাতৃৰ গহনা চুৰি পুত্ৰৰ
author img

By

Published : Apr 5, 2023, 10:55 PM IST

ড্ৰাগছ সেৱন কৰিবলৈ মাতৃৰ গহনা চুৰি পুত্ৰৰ

নগাঁও, 5 এপ্ৰিল : ক্ৰমশঃ সামাজিক ব্যাধিলৈ ৰূপান্তৰিত হৈছে ড্ৰাগছ ৷ একাংশ যুৱপ্ৰজন্মই ড্ৰাগছৰ কঁৰাল গ্ৰাসত পৰি নিজৰ লগতে পৰিয়ালটোলৈকো অমানিশা নমাই অনা পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে নৱ প্ৰজন্ম । ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰাৰ পিচতো ৰোধ কৰিব পৰা নাই এই আসক্তি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো যেন দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । শেহতীয়াকৈ ড্ৰাগছ সেৱনৰ বাবেই পুত্ৰই মাতৃৰ গহনা চুৰি কৰাৰ কৰে এক জঘন্য ঘটনাই সংঘটিত হৈছে নগাঁৱত (Anti drugs mission in Assam) ।

ড্ৰাগছৰ বাবে নিজ গৃহতে চুৰিকাণ্ড সংঘটিত কৰি এজন যুৱক আৰক্ষীৰ জালত পৰা ঘটনাই সৃষ্টি কৰিছে অঞ্চলজুৰি চাঞ্চল্যৰ । এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ কৰয়নীত । কৰয়নী গাঁৱৰ এজন কিশোৰে ড্ৰাগছ সেৱন কৰিবৰ বাবেই সংঘটিত কৰিছে জঘন্য ঘটনা । মাতৃৰ সোণৰ গহণা, কাঁহৰ কাহী-বাতিৰ লগতে মূল্যৱান সা-সম্পদ চুৰি কৰা কিশোৰগৰাকীৰ বিৰুদ্ধে নগাঁৱৰ ইটাচালি আৰক্ষী চকীত যুৱকজনৰ মাতৃয়েই দাখিল কৰিছে এজাহাৰ (Mother file FIR against son for consuming drugs)।

লগতে পঢ়ক : Hanuman Jayanti 2023 : হনুমান জয়ন্তীত আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে সকলো ৰাজ্যক নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ

মাতৃৰ এজাহাৰৰ ভিত্তিতেই বুধবাৰে ইটাচালি আৰক্ষীয়ে আটক কৰে ড্ৰাগছ আসক্ত পুত্ৰক । লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহত জড়িত হাছান আলীকো । তদুপৰি, আৰক্ষীয়ে হাছান আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ আসক্ত পুত্ৰই নিজ গৃহৰ পৰা চুৰি কৰি বিক্ৰী কৰা সামগ্ৰীসমূহো (Itachali town out post) ।

কৰৈয়নী বামুন গাঁৱৰ নিজ গৃহৰ পৰাই আৰক্ষীয়ে আটক কৰেিবলৈ সক্ষম হয় কিশোৰজনক ৷ ইয়াৰোপৰি কিশোৰগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনৰ লগতে চুৰি সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Rupjyoti Kurmi controversy: মমতাজ ছাহজাহানৰ প্ৰেম সন্দৰ্ভত তদন্তৰ পোষকতা বিধায়ক ৰূপজ্যোতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.