ধিং, 3 জুলাই : ড্ৰাগছৰ মুকলি বেহা কৰা পলাতক মধ্য অসমৰ ম'ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া (most wanted drugs mafia of middle Assam) নজৰ ফকিৰক শনিবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰী থানা আৰক্ষীয়ে আটক কৰে । মৈৰাবাৰী থানাৰ (Mairabari Police Station) ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে কৰায়ত্ব কৰিবলৈ সক্ষম হয় কুখ্যাৎ ড্ৰাগছ মাফিয়া নজৰ ফকিৰক।
ধৃত নজৰ ফকিৰে ধিং থানাৰ অন্তৰ্গত নিজ ধিঙত ভঙা চিঙা লোহা টিনৰ গুডাম বনাই একাংশ শিশুক ঠেলাৰে বিভিন্ন প্ৰান্তলৈ ভঙা লোহা টিন বিছাৰি ক্ৰয় কৰা কামত লগাই যদিও সেই কণ কণ শিশু সকলৰ জৰিয়তে ভঙা ছিগা লোহা টিনৰ মাজতে পঠাই দিয়ে ব্ৰাউন ছুগাৰকে ধৰি বিভিন্ন নিচা জাতীয় সামগ্ৰী । এই এই কণ কণ শিশু সকলেই ড্ৰাগছ সেৱক সকলক ভগা ছিগা টিন লোহা প্লাষ্টিক ক্ৰয় কৰাৰ চলেৰে ব্ৰাউন চুগাৰো সৰবৰাহ কৰে । ধিং থানা এলেকালৈ শিলিগুৰি আদিৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি আনি মৈৰাবাৰী, লাহৰীঘাট, ৰূপহী, জুৰিয়া, জাজৰি আদি বিভিন্ন স্থানলৈ সৰবৰাহ কৰিছিল ।
দৰিদ্ৰ পিতৃ-মাতৃয়ে নিজৰ কণমানি সন্তানক নজৰৰ তাত কাম কৰিবৰ কাৰণে সামান্য টকাৰ বিনিময়ত পঠাই যদিও এই সুযোগতে সেই কণমানি হঁতক প্ৰথমে নজৰে ভগা পুৰণা লোহা, টিন, প্লাষ্টিক বিভিন্ন প্ৰান্তৰ পৰা ক্ৰয় কৰা, ভেড়া ৰখা আদি কামত নিয়োগ কৰে ।
পূৰ্বে শিশুক ব্ৰাউন ছুগাৰ সেৱন কৰিবলৈ শিক্ষা দিয়াৰ দৰে কামতো জড়িত আছিল নজৰ ফকিৰ । আনকি, ড্ৰাগছ সৰবৰাহৰ দৰে কামত সন্মত নোহোৱা শিশুক স্কুপ ড্ৰাইভাৰ জুইত গৰম কৰি তেনে শিশুৰ ভৰিত সুমুৱাই জঘন্য শাস্তি দিয়াৰ বাতৰিও পূৰ্বে কাকতত প্ৰচাৰ হৈছিল । কিন্তু, ইমানৰ পাছতো নজৰ ফকিৰে ১০-১৫ বছৰে চলাই আহিছে ড্ৰাগছৰ সৰবৰাহ । বিগত দুমাহ পূৰ্বৰে পৰা পলাতক অৱস্থাত আছিল ধৃত নজৰ ফকিৰ ৷
অৱশ্যে, বৰ্তমানৰ পৰা এমাহৰ পূৰ্বে সামান্য পৰিমানৰ ড্ৰাগছৰ সৈতে নজৰে নিজৰ পত্নীক ধিং আৰক্ষীৰ (Dhing Police) দ্বাৰা কৰায়ত্ব কৰাই পুনৰ সক্ৰিয়ভাৱে চহৰাঞ্চলৰ পৰাই ব্ৰাউন ছুগাৰ সৰবৰাহ চলাই আছিল । কিন্তু, শনিবাৰে নজৰ ফকিৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত হাতীমুৰীয়া অঞ্চল তথা মৈৰাবাৰী উন্নয়ন খণ্ডৰ সন্মুখত কোনো সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰিবলৈ ৰৈ থাকোতেই এক গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল দুধৰ্ষ ড্ৰাগছ মাফিয়াটোক ৷
লগতে পঢ়ক : সমষ্টিত মটৰ চাইকেলেৰে প্ৰাতঃভ্ৰমণ বিধায়ক অখিল গগৈৰ