নগাঁও, 15 জুলাই : ড্ৰাগছৰ বিৰুদ্ধে দিনকদিনে কঠোৰ হৈছে অসম আৰক্ষী । ৰাজ্যজুৰি অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান । মৰিগাঁও আৰক্ষীয়ে খেদি খেদি অৱশেষত গুলী ফুটাই আটক কৰিবলৈ সক্ষম হয় এটা পলাতক কুখ্যাত ড্ৰাগছ মাফিয়াক ।
ঘটনা বুধবাৰৰ বিয়লিৰ । কৰ'ণা সৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যত চলি আছিল সান্ধ্য আইন । চৰকাৰী নীতি-নিৰ্দেশনা (SOP) মতে বন্ধ হৈ আছিল আন্তঃজিলা যাতায়াত ব্যৱস্থা ।
এখন জিলাৰ পৰা আন এখন জিলালৈ যাতায়াত বন্ধ থকাৰ সময়তে পাঁচজনীয়া দল এটাই কৰিলে দুঃসাহস । AS 07 BC- 2246 নম্বৰৰ এখন টাটা ডি আই বাহনত ভাৰত চৰকাৰৰ ষ্টিকাৰ লগাই মৰিগাঁও জিলাৰ পৰা লক্ষীমপুৰলৈ যাত্ৰা আৰম্ভ কৰে ছাইদুল হক, ছফিকুল আলী, নুৰুল হক আৰু আশ্ৰাদুল্লা নামৰ যুৱক কেইগৰাকীয়ে । এই দলটোৱে ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰিছিল বুলি তথ্য লাভ কৰিছিল মৰিগাঁও আৰক্ষীয়ে ৷
তাৰপাচতে মৰিগাঁও আৰক্ষীৰ এটা দলে পিছ লয় টাটা ডি আই বাহনখনৰ । কেইবাবাৰো বাহনখন ৰখাবলৈ সংকেত দিয়ে আৰক্ষীৰ দলটোৱে ৷ কিন্তু আৰক্ষীৰ সংকেতক আওকাণ কৰি বাহনখনৰ গতিবেগ বৃদ্ধি কৰে দলটোৱে ৷
অৱশেষত নগাঁৱৰ ম'হখুলি পোৱাৰ লগে লগে বাহনখনৰ চকালৈ লক্ষ্য কৰি গুলী ফুটাবলৈ বাধ্য হয় আৰক্ষীৰ দলটো । টাটা ডি আই বাহনখনৰ চকাত গুলী চলোৱাৰ পিছত বাহনখনত থকা পাঁচজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো । আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আৰক্ষীয়ে আটক কৰা পাঁচজনৰ ভিতৰত আছে এজন কুখ্যাত ড্ৰাগছ মাফিয়া ।
ড্ৰাগছ ব্যৱসায়ী আশ্ৰাদুল্লাক কৰায়ত্ব কৰি মৰিগাঁও আৰক্ষীয়ে মৰিগাঁৱলৈ লৈ যায় । আৰক্ষী সূত্ৰৱে জনোৱা মতে, কেইদিনমানৰ পূৰ্বে আশ্ৰাদুল্লাৰ মৈৰাবাৰী ঘৰত মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ দুখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু দুৰ্ভাগ্যক্ৰমে আশ্ৰাদুল্লা পলাই যাবলৈ সক্ষম হয় ।
তেতিয়াৰ পৰাই মৰিগাঁও আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল । বুধবাৰে বিয়লি আৰক্ষীয়ে নগাঁৱত বাহনখনক লক্ষ্য কৰি গুলীচালনা কৰে ৷ পিছত মৈৰাবাৰীৰ এই ড্ৰাগছ মাফিয়াজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৰিগাঁও আৰক্ষী ।
আশ্ৰাদুল্লাৰ বিৰুদ্ধে মৈৰাবাৰী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ২১বি/২৪/২৫/২৭/২৯ৰ অধীনত ২৬৮/২১ নম্বৰৰ গোচৰ ৰুজু হৈ আছে । অধিক তথ্যৰ বাবে মৰিগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত আশ্ৰাদুল্লাক । মুঠৰ ওপৰত ড্ৰাগছ ব্যৱসায়ীয়ে এতিয়া কৌশল সলনি কৰিও যেন সাৰি যাব পৰা নাই আৰক্ষীৰ পৰা । অসম আৰক্ষীৰ এনে তৎপৰতাৰ শলাগ লৈছে সচেতন মহলে ।
লগতে পঢ়ক: নগাঁৱত ড্ৰাগছ সৰবৰাহৰ সন্দেহত বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা