ৰূপহীহাট, 20 মাৰ্চঃ ৰাজ্যজুৰি নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে নগধ ধন ৷ শুকুৰবাৰে নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডৰ নিশ্ছিদ্ৰ তালাচী অভিযানত ৰূপহীহাটত উদ্ধাৰ নগদ 1 লাখ 45 হেজাৰ টকা ।

ৰূপহীহাটৰ জুৰীয়া নগাবন্দাত শুকুৰবাৰে নিশা ফ্লায়িং স্কোৱাডৰ তালাচীত জব্দ এই নগদ ধনৰাশি । জহাজান গাঁৱৰ আনাৰুল হক নামৰ লোকজনৰ পৰা জব্দ নগদ 1 লাখ 45হেজাৰ টকা । উল্লেখ্য যে, ফ্লায়িং স্কোৱাডৰ দলে ধনৰাশি জব্দ কৰি লোক জনক নগদ ধন জব্দ কৰাৰ নথি প্ৰদান কৰাৰ লগতে ধনৰাশিৰ প্ৰকৃত উৎসৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়কঃ দিছপুৰ দখল কৰিব বুলি 200 শতাংশ নিশ্চিত মনজিৎ মহন্ত