ETV Bharat / state

গৰ্ভৱতী মহিলাক ধৰ্ষণৰ চেষ্টা চলাই ক’লৈ পলাল জীৱন আৰু ভূমিকম্প - আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

ৰাজ্যৰ নাৰী সুৰক্ষাৰ দিশোটলৈ পুনৰ উত্থাপিত হৈছে প্ৰশ্ন (Question to women safety in Assam) ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এগৰাকী গৰ্ভৱতী মহিলাৰ গাৰ কাপোৰ টনা আঁজোৰা কৰিলে দুজন লোকে (Molestation with pregnant women) ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

molestation-with-pregnant-women-in-nagaon
Molestation with pregnant women : গৰ্ভৱতী মহিলাক কাপোৰ টনা আজোৰা কৰি ক’লৈ পলাল দুৰ্বৃত্ত ?
author img

By

Published : Dec 27, 2021, 6:27 PM IST

বঢ়মপুৰ, 27 ডিচেম্বৰ : ক্ৰমাৎ ৰাজ্যত নাৰীৰ সুৰক্ষাৰ দিশটোত এটা বিৰাট প্ৰশ্নবোধকৰ সৃষ্টি হৈছে (women safety in Assam) ৷ কি বৃদ্ধা, কি পানী কেঁচুৱা কোনোৱেই যেন সাৰি যাব পৰা নাই এচাম লোকৰ পাশৱিক আচৰণৰ পৰা ৷ শেহতীয়াকৈ এনে দুজন লোকৰ কামনাৰ বলি হ’ল এগৰাকী গৰ্ভৱতী মহিলা (Molestation with pregnant women in Nagaon) ৷ মানৱ সভ্যতাক লজ্জানিত কৰা এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ গমাৰীআটিত ৷

অভিযোগ অনুসৰি, অভিযোগ অনুসৰি জীৱন পাটৰ নামৰ লোক এজনে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মহম্মদ হুছেইন ওৰফে ভূমিকম্পক লগত লৈ এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অপচেষ্টা চলায় ৷ মহিলাগৰাকীৰ সৈতো অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ উদ্দেশ্যে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মহিলা গৰাকীৰ কাপোৰ টনা আঁজোৰা কৰাত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰে ।

Molestation with pregnant women : গৰ্ভৱতী মহিলাক কাপোৰ টনা আজোৰা কৰি ক’লৈ পলাল দুৰ্বৃত্ত ?

মহিলাগৰাকীৰ চিঞৰ বাখৰ শুনি স্থানীয় লোক উপস্থিত হোৱাত দুই লম্পটে পলায়ন কৰে যদিও লগত অনা স্কুটিখন এৰি যায় ।

এই ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ৰাঙলু পহৰা চকীত এক গোচৰ ৰুজু কৰিছিল যদিও ৰাঙলু পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই আচামীৰ বিৰুদ্ধে একো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । এতিয়া সমগ্ৰ ঘটা সন্দৰ্ভত স্থানীয় ৰাইজে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (IPS Ananda Mishra)ৰ হস্তক্ষেপ বিচাৰি দোষীক উপযুক্ত শাস্তি বিহাৰ লগতে ৰাঙলু পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধেও উচিত বিচাৰ কৰি পৰিয়ালটিক ন্যায় দিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : তিনিচুকীয়াত গো-মাংস ভৰ্তি বলেৰ’ বাহন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.