ETV Bharat / state

কলিয়াবৰত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা লালি গুড় জব্দ

এফালে অবৈধ দেশীয় সুৰাৰ বিৰুদ্ধে অভিযান চলিছে, আনফালে ৰাজ্যত অব্যাহত অবৈধ দেশীয় সুৰা প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীৰ অবাধ বেহা । ইয়াৰ মাজতে কলিয়াবৰত দুৰ্ঘটনাত পতিত হোৱা বাহনত ওলাল লালি গুড় ।

Molasses seized in Kaliab০r
কলিয়াবৰত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা লালি গুড় জব্দ
author img

By

Published : Aug 13, 2021, 11:22 AM IST

Updated : Aug 13, 2021, 12:45 PM IST

কলিয়াবৰ, ১৩ আগষ্ট: বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ দেশীয় সুৰা, ড্ৰাগছ আদিৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । অভিযানৰ সময়ত আৰক্ষী, আবকাৰী বিভাগে অবৈধ দেশীয় সুৰাৰ ঘাটি উচ্ছেদ কৰিছে, সুৰা নষ্ট কৰিছে ঠিকেই, কিন্তু দেশীয় সুৰা প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহৰ অবৈধ বেহা চলাই নিছে একাংশই ।

সুৰা নষ্ট কৰিলেও সুৰা প্ৰস্তুতৰ সামগ্ৰী সহজলভ্য হোৱা বাবে পুনৰ ব্যৱসায় আৰম্ভ কৰে সুৰা ব্যৱসায়ীয়ে । বৃহস্পতিবাৰে কলিয়াবৰত বহু পৰিমাণৰ লালি গুড় জব্দ হয় । কলিয়াবৰৰ কুঠৰীত দুৰ্ঘটনাত পতিত হোৱা এখন মিনি ট্ৰাকৰ পৰা এই লালি গুড়খিনি জব্দ কৰা হয় । আৰক্ষীৰ তৎপৰতাৰ মাজতে অবৈধ সুৰাৰ কেঁচামালৰ বেহা কেনেকৈ অব্যাহত আছে সেই প্ৰশ্নও উত্থাপন হৈছে ।

কলিয়াবৰত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা লালি গুড় জব্দ

আৰক্ষীয়ে অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত ৰখাৰ সময়তে এই বেহাৰে জড়িত দুষ্ট চক্ৰ অসমৰ বিভিন্ন স্থানত সক্ৰিয় হৈ আছে । এই অসাধু ব্যৱসায়ীয়ে আৰক্ষীৰ চকুত ধূলি দি সুৰা ব্যৱসায়ীক যোগান ধৰি আছে লালি গুড় ।

অসম চৰকাৰে চুলাই প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা লালি গুৰৰ সৰবৰাহ তথা বিক্ৰী নিষিদ্ধ কৰিছিল যদিও ৰাজ্যখনৰ বহু ঠাইত লালি গুড়ৰ সৰবৰাহ অব্যাহত থকাৰ ঘটনা পোহৰলৈ আহিছে । লালি গুড়ৰ পৰা তৈয়াৰ কৰা চুলাই সেৱন কৰাৰ ফলত বহু লোকৰ জীৱন ধ্বংস হোৱাৰ লগতে বহু পৰিয়াললৈ ঘোৰ অন্ধকাৰ নামি আহিছে ।

সেয়ে, চৰকাৰে লালি গুড়ৰ সৰবৰাহ বন্ধ কৰাৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল । ৰাইজে অভিযোগ তুলিছে যে, চৰকাৰৰ এই কঠোৰ স্থিতি কাৰ্যতঃ সেয়া ফলপ্ৰসু হৈ উঠা নাই । কলিয়াবৰৰ কুঠৰীত দুৰ্ঘটনাত পতিত হোৱা বাহনত লালি গুড় জব্দ হোৱা ঘটনাই ইয়াকে প্ৰমাণ কৰিছে । অবৈধ সুৰা আৰু ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অভিযান চলোৱাৰ দৰে শীঘ্ৰে এই লালি গুড়ৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কুঠৰীৰ স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক:বদৰপুৰত বৃহৎ পৰিমাণৰ বিদেশী সুৰা-চুলাই জব্দ

Last Updated : Aug 13, 2021, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.