ETV Bharat / state

সাহিত্যিক, সাংবাদিক সাংস্কৃতিক কৰ্মী মোলান লস্কৰে প্ৰত্যাখান কৰিছে 'নেবকাছ'ৰ শ্ৰেষ্ঠ চিত্ৰ নাট্য বঁটা - molan laskar protest against cab

মোলান লস্কৰে প্ৰত্যাখান কৰিছে 'নেবকাছে' আগবঢ়োৱা ৰাষ্ট্ৰীয় বঁটা ৷ 'নেবকাছে' প্ৰদান কৰা ২০১৯ বৰ্ষৰ শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা প্ৰত্যাখান কৰিছে সাহিত্যিক, সাংবাদিক তথা সাংস্কৃতিক কৰ্মীগৰাকীয়ে ৷

molan laskar returns award
মোলান লস্কৰে প্ৰত্যাখান কৰিছে 'নেবকাছ'ৰ শ্ৰেষ্ঠ চিত্ৰ নাট্য বঁটা
author img

By

Published : Dec 7, 2019, 6:54 PM IST

বঢ়মপুৰ,7 ডিচেম্বৰঃ গুৱাহাটী দূৰদৰ্শনৰ ধাৰাবাহিক টেলিফিল্ম, তথ্যচিত্ৰ আৰু চুটি ছবি নিৰ্মাতা আৰু পৰিচালক মোলান লস্কৰৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি 'অবলিভিয়ন জয়া '৷ এই ছবিখনৰ বাবে মোলান লস্কৰে লাভ কৰিছে নেবকাছৰ শ্ৰেষ্ঠ চিত্ৰ নাট্য বঁটা ৷ কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক সংগঠন 'নেবকাছে আগবঢ়োৱা (NEBCUS) ২০১৯বৰ্ষৰ এই শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা প্ৰত্যাখান কৰিছে সাহিত্যিক, সাংবাদিক তথা সাংস্কৃতিক কৰ্মীগৰাকীয়ে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মোলান লস্কৰে ৷

molan laskar returns award
'নেবকাছ'ৰ শ্ৰেষ্ঠ চিত্ৰ নাট্য বঁটা

বঁটা প্ৰাপকে জানিবলৈ দিয়ামতে অহা ৯ ডিচেম্বৰত দিল্লীত এই বঁটা ৰাষ্ট্ৰীয়ভাৱে প্ৰদান কৰাৰ বাবে আমন্ত্ৰণ কৰিছিল মোলান লস্কৰক । অনুষ্ঠানত পূৰ্বাঞ্চলৰ সাহিত্য-ৰাজনৈতিক ক্ষেত্ৰৰ বহুকেইজন ব্যক্তিক বঁটা প্ৰদান কৰিব বুলি 'নেবকাছ'ৰ উদ্যোক্তাসকলে জানিবলৈ দিয়ে । উল্লেখ্য যে, ডিমাছা পাহাৰৰ বিখ্যাত স্বাধীনতা যুঁজাৰু জয়া থাউচেনৰ সংগ্ৰামভিত্তিক জীৱন কাহিনীৰ ওপৰত 'অবলিভিয়ন জয়া' নামৰ পূৰ্ণদৈৰ্ঘ্য বোলছবিখন নিৰ্মাণ কৰা হৈছে । ইতিমধ্যে সমাপ্ত হৈছে ডিমাছা ভাষাৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য বোলছবি 'অবলিভিয়ন জয়া' সম্পাদনাৰ কাম । উক্ত বোলছবিখন প্ৰযোজনা কৰিছে এন চি হিলছ স্বায়ত্তশাসিত পৰিষদে ।

Intro:সাহিত্যিক, সাংবাদিক সাংস্কৃতিক কৰ্মী মোলান লস্কৰে প্ৰত্যাখান কৰিছে 'নেবকাছ'ৰ শ্ৰেষ্ঠ চিত্ৰ নাট্য বঁটা ।
Anchor= গুৱাহাটী দূৰদৰ্শনৰ ধাৰাবাহিক টেলিফিল্ম, তথ্যচিত্ৰ আৰু চুটি ছবি নিৰ্মাতা আৰু পৰিচালক মোলান লস্কৰে প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য বোলছবি 'অবলিভিয়ন জয়াৰ ' কাহিনী-চিত্ৰনাট্যৰ বাবে উত্তৰ -পূৰ্বাঞ্চলৰ সাংস্কৃতিক সংগঠন 'নেবকাছে আগবঢ়োৱা (NEBCUS) ২০১৯বৰ্ষৰ শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা প্ৰত্যাখাণ কৰিছে । বঁটাপ্ৰাপকে জানিবলৈ দিয়ামতে অহা ৯ ডিচেম্বৰত দিল্লীৰ কেবলবাঘ হোটেল এছ পি বি ৮৭ত এই বঁটা ৰাষ্ট্ৰীয়ভাৱে প্ৰদান কৰাৰ বাবে আমন্ত্ৰন কৰিছিল লস্কৰক । অনুষ্ঠানত পূৰ্বাঞ্চলৰ সাহিত্য - ৰাজনৈতিক কৰ্মক্ষেত্ৰৰ ভালেকেইজন ব্যক্তিক বঁটাৰে সন্মানিত কৰিব বুলি 'নেবকাছ'ৰ উদ্যোক্তাসকলে জানিবলৈ দিয়ে । উল্লেখ্য যে ডিমাচা পাহাৰৰ বিখ্যাত স্বাধীনতা যুঁজাৰু জয়া থাউচেনৰ সংগ্ৰামভিত্তিক জীৱন কাহিনীৰ ওপৰত 'অবলিভিয়ন জয়া' পূৰ্ণদৈৰ্ঘ্য বোলছবিখন নিৰ্মাণ কৰা হৈছে । ডিমাচা ভাষাৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য বোলছবি 'অবলিভিয়ন জয়া' সম্পাদনাৰ কাম ইতিমধ্যে সমাপ্ত হৈছে । বোলছৱি খন প্ৰযোজনা কৰিছে এন চি হিলছ স্বায়ত্তশাসিত পৰিষদে । Byte=মোলান লস্কৰ ।

Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.