ETV Bharat / state

নগাঁৱৰ ক'ভিড আক্ৰান্তৰ কাষত বিধায়ক ৰূপক শৰ্মা

author img

By

Published : Jun 18, 2021, 10:31 PM IST

নগাঁও জিলাত ক'ভিডত আক্ৰান্ত ৰোগী সংখ্যা উৰ্দ্ধগামী হৈ আছে ৷ এই পৰিস্থিতিত শুকুৰবাৰে কন্টেইনমেন্ট জ'ন (containment zone)ত থকা পৰিয়ালৰ সৈতে মত বিনিময় কৰে বিধায়ক ৰূপক শৰ্মাই ৷ বিধায়ক গৰাকীয়ে পৰিয়াল সমূহে পাবলগীয়া সা-সুবিধাৰ বুজ লোৱাৰ লগতে স্বাস্থ্যৰ স্থিতি সন্দৰ্ভতো বুজ লয় ৷

MLA Rupak Sharma visited containment zone in nagaon
নগাঁৱৰ ক'ভিড আক্ৰান্তৰ কাষত বিধায়ক ৰূপক শৰ্মা

চামগুৰি, 18 জুন : ক'ভিডৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি নগাঁও জিলা প্ৰশাসন অধিক সতৰ্ক হৈ থকা সময়তে শুকুৰবাৰে কন্টেইনমেন্ট জ'ন(containment zone)ত থকা পৰিয়ালৰ সৈতে মত বিনিময় কৰে বিধায়ক ৰূপক শৰ্মাই ৷ বিধায়ক গৰাকীয়ে পৰিয়াল সমূহে পাবলগীয়া সা-সুবিধাৰ বুজ লোৱাৰ লগতে স্বাস্থ্যৰ স্থিতি সন্দৰ্ভতো বুজ লয় ৷

জানিব পৰা মতে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ডাকৰঘাট গাঁও পঞ্চায়তৰ অধীনৰ ফেটাচুক অঞ্চলৰ কন্টেইনমেন্ট জ'নত থকা পৰিয়াল সমূহৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰে সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ মত বিনিময় কৰা সময়ত প্ৰতিটো পৰিয়ালক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে বিধায়ক গৰাকীয়ে ৷

ইফালে বিধায়ক ৰূপক শৰ্মাই নগাঁও চহৰৰ আমোলাপট্টিস্থিত সঙ্গিন সংঘৰ কাৰ্যালয়ত স্থাপন কৰা ক’ভিড ১৯ৰ ভেকচিন শিৱিৰতো উপস্থিত হৈ সামগ্ৰীক পৰিস্থিতি বুজ লোৱাৰ লগতে ভেকচিন প্ৰদান কাৰ্যসূচী পৰ্যবেক্ষণ কৰে । উল্লেখ্য যে, ক'ভিড ভেকচিন প্ৰদানৰ দৰে সঙ্গিন সংঘই গ্ৰহণ কৰা জনকল্যানমূলক কাৰ্যসূচীক আদৰণি জনাই বিধায় ৰূপক শৰ্মাই ৷

তদুপৰি ক'ভিড ১৯ৰ এই জটিল ক্ষণত ভেকচিন শিৱিৰ, ক'ভিড টেষ্ট শিবিৰকে ধৰি ক'ভিড ৰোগীক সাহাৰ্য আদিৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াই অহা সংশ্লিষ্ট ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক বিধায়ক গৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে । পৰৱৰ্তী সময়ত এইদৰে জনকল্যানমূলক কাৰ্যসূচী গ্ৰহণ কৰিবলৈও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানক তথা ব্যক্তিক আহ্বান জনাই বিধায়ক গৰাকীয়ে ৷

মন কৰিবলগীয়া যে, এতিয়াও নগাঁও জিলাত ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা উৰ্দ্ধগামী হৈ আছে ৷ জিলাখনত বৰ্তমানলৈকে 3,895 গৰাকী লোক ক'ভিডৰ দ্বিতীয়টো ঢৌত আক্ৰান্ত হৈছে ৷ জিলা খনত ক'ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে 1,385গৰাকী ৷ তদুপৰি ক'ভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে 2,506 গৰাকী ৷ এতিয়ালৈকে নগাঁৱত ক'ভিৰ দ্বিতীয়টো ঢৌত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 4 গৰাকী ৷

লগতে পঢ়ক: ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.