নগাঁও,২৫ অক্টোবৰ: অমৃত কলহ যাত্ৰাক লৈ বুধবাৰে নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলৰ উপ-দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । চৰকাৰক তীব্ৰ সমালোচনা কৰি বিধায়কগৰাকীয়ে কয় যে অমৃত কলহ যাত্ৰাৰ নামত চৰকাৰে ৰাইজৰ ধনহে খৰচ কৰিছে । কিন্তু এয়া কোনো কাৰণত চৰকাৰী অনুষ্ঠান নহয় । যি কামত ৰাজনীতিৰ গোন্ধ আছে সেই কামত কংগ্ৰেছে চৰকাৰৰ সৈতে একলগ নহয় অথবা চৰকাৰক সমৰ্থন নকৰে ।
অমৃত কলহ যাত্ৰাৰ দৰে অনুষ্ঠানত উপস্থিত থকাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে বুলিও উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । অৱশ্যে চৰকাৰৰ উন্নয়নমূলক কামত বিধানসভাৰ ভিতৰে বাহিৰে সমৰ্থন কৰাৰ কথাও উল্লেখ কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । অমৃত কলহ অনুষ্ঠানত অংশগ্ৰহণ সন্দৰ্ভত নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । শাসকীয় চৰকাৰৰ অহংকাৰ হোৱা বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য আগবঢ়াই ৰকিবুল হুছেইনে ।
তেওঁ কয় যে বৰ্তমাৰ চৰকাৰখন অহংকাৰৰ বাবেই পতন ঘটিব । উল্লেখযোগ্য যে, বিৰোধীৰ ঐক্যমঞ্চ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই বিৰোধীৰ বৈঠক ভোজভাত খোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰৰ অহংকাৰৰ প্ৰসংগ উল্লেখ কৰে ৰকিবুল হুছেইনে । বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া বিৰোধীৰ বৈঠক সন্দৰ্ভতো মন্তব্য আগবঢ়াই কংগ্ৰেছ নেতাজনে ।
বিৰোধী ঐক্যৰ আসন বুজাবুজি সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা কৌশলেৰে ফালৰি কাটি বিৰোধী ঐক্যৰ সঘন বৈঠকে বিৰোধী ঐক্যৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব তেওঁ উল্লেখ কৰে । বৰ্তমান চৰকাৰৰ দিনত অসমৰ অৰ্থনীতি অধিক বেয়াৰ ফালে গতি কৰা বুলিও কটাক্ষ কৰে ৰকিবুল হুছেইনে । সাধাৰণ ৰাইজক টেঁটু চেপি কৰ সংগ্ৰহত ব্যস্ত হৈ পৰিছে বৰ্তমানৰ চৰকাৰখন । পৰিয়াল লৈ বাহনেৰে ৰাজপথলৈ ওলালেই জৰিমনা ভৰিব লাগে বুলিও মন্তব্য আগবঢ়াই বিধায়ক ৰকিবুল হুছেইনে ।
লগতে পঢ়ক: Toll gates in Assam: ফুৰিব নে ৰাজহৰ ধন দিব চৰকাৰক ?