ETV Bharat / state

ৰকিবুল হুছেইনৰ অনুষ্ঠানৰ কাষতে বাজি উঠিল "সকলোৰে আনন্দ সৰ্বানন্দ"

author img

By

Published : Aug 20, 2020, 7:23 AM IST

নিজৰ সমষ্টিতে অৱহেলিত হৈ ৰ'ল প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন ৷ বুধবাৰে বিধায়ক গৰাকীয়ে চামগুৰি সমষ্টিৰ শালপাৰাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে অনুষ্ঠানৰ কাষত কোনো লোকে উচ্চ স্বৰত বজালে "সকলোৰে আনন্দ সৰ্বানন্দ" গীতটি ৷

চামগুৰি সমষ্টিৰ শালপাৰা
চামগুৰি সমষ্টিৰ শালপাৰা

নগাঁও, 20 আগষ্ট: বুধবাৰে বিয়লি চামগুৰি সমষ্টিৰ শালপাৰাত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন ৷ কিন্তু তেওঁ অংশগ্ৰহণ কৰা অনুষ্ঠানৰ কাষতে বাজি উঠিল "সকলোৰে আনন্দ সৰ্বানন্দ" শীৰ্ষক গীতটি ৷ নিজৰ গৃহ সমষ্টিতে ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হয় প্ৰাক্তন মন্ত্ৰীগৰাকী ৷

ৰকিবুল হুছেইনৰ অনুষ্ঠানৰ কাষতে বাজি উঠিল "সকলোৰে আনন্দ সৰ্বানন্দ"

এই ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে, দীৰ্ঘদিনে ৰকিবুল হুছেইনে সমষ্টিটোত অপশাসন চলোৱাৰ লগতে সমষ্টিবাসীক অত্যাচাৰ চলাই আহিছে ৷ প্ৰতিনিধিগৰাকীৰ বিৰুদ্ধে সেই বাবেই সমষ্টিবাসীয়ে ক্ষোভ ব্যক্ত কৰিছে ৷ সংখ্যালঘুৰ উন্নয়নৰ নামত জন প্ৰতিনিধিগৰাকীয়ে যি ৰাজনীতি কৰিছে তেনে ধৰণৰ সকলো কামৰ বাবেই জনতাই তেওঁৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বুলি স্থানীয় লোকে উল্লেখ কৰে ৷ এই কাৰ্যৰ দ্বাৰা মানুহৰ বহুদিনীয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে বুলিও কয় তেওঁলোকে ৷ কেৱল এইয়াই নহয় বুধবাৰে সমষ্টিবাসীয়ে ৰকিবুল হুছেইনৰ সন্মুখতেই গ' বেক, মুৰ্দাবাদ আদি শ্ল'গান দি এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক: চৰকাৰী নিৰ্দেশ নমনা অট্টালিকাৰ বিৰুদ্ধে কঠোৰ যোৰহাট জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.