ETV Bharat / state

IAS, IPS ৰ সপোন দেখুৱাই শিক্ষাৰ্থীক প্ৰতাৰণাৰ অভিযোগ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে

সংবাদ মাধ্যমক নীতি শিক্ষা দিয়া ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে উত্থাপন হৈছে শিক্ষাৰ্থীক প্ৰতাৰণা কৰাৰ অভিযোগ (MLA Nurul Huda accused of cheating students) । UPSC, APSC প্ৰশিক্ষণৰ নামত ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ নামত অহা ধনৰ ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰো অভিযোগ উত্থাপিত হৈছে হুদাৰ বিৰুদ্ধে ।

IAS, IPS ৰ সপোন দেখুৱাই শিক্ষাৰ্থীক প্ৰতাৰণাৰ অভিযোগ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে
IAS, IPS ৰ সপোন দেখুৱাই শিক্ষাৰ্থীক প্ৰতাৰণাৰ অভিযোগ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে
author img

By

Published : May 18, 2022, 8:57 PM IST

নগাঁও, 18 মে’ : বিধানসভাৰ পি এ চি (PAC) কমিটিক আক্ৰমণ কৰা বিতৰ্ককে ধৰি একাধিক বিতৰ্কত সাঙোৰ খোৱা কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে ছাত্ৰ-ছাত্ৰীক প্ৰতাৰণা কৰাৰ অভিযোগ (MLA Nurul Huda accused of cheating students)। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে 2016 চনত প্ৰথমবাৰৰ বাবে ৰূপহীহাট সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল নুৰুল হুদা (Congress MLA Nurul Huda) ৷

বিধায়ক হোৱাৰ এটা বছৰ পিছতেই সমষ্টিটোৰ ছাত্ৰ-ছাত্ৰীক IAS, IPS হোৱাৰ সপোন দেখুৱাইছিল বিধায়ক নুৰুল হুদাই । আনকি ৰূপহীহাট মহাবিদ্যালয়ত আৰম্ভ কৰিছিল UPSC, APSC ৰ প্ৰশিক্ষণো । আনকি ব্যাপক প্ৰচাৰ চলাই প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰি ৰাইজৰ বাঃ বাঃ লৈছিল বিধায়ক নুৰুল হুদাই ৷ বিধায়কগৰাকীৰ এই কামৰ বাব সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল তেওঁ ।

IAS, IPS ৰ সপোন দেখুৱাই শিক্ষাৰ্থীক প্ৰতাৰণাৰ অভিযোগ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে

কিন্তু প্ৰশিক্ষণৰ নামত প্ৰকৃততে হৈছে কি ?

লগতে পঢ়ক : শক্তিহীন হৈছে কংগ্ৰেছ: অকপট স্বীকাৰ বিধায়ক নুৰুল হুদাৰ

প্ৰশিক্ষণত অংশ লোৱা শিক্ষাৰ্থীৰ অভিযোগ । নিম্নতম শিক্ষা অৰ্হতা থকা বিধায়ক নুৰুল হুদাই কি বুজিব UPSC, APSC মূল্য ! UPSC, APSC প্ৰশিক্ষণৰ নামত ছাত্ৰ-ছাত্ৰীক কৰা হৈছে কেৱল চূড়ান্ত প্ৰতাৰণা । এই অভিযোগ আমাৰ নহয় । প্ৰশিক্ষণত অংশ লোৱা ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা বাছনি পৰীক্ষাত প্ৰথম স্থান লাভ কৰা এগৰাকী ছাত্ৰই বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে উত্থাপন কৰিছে প্ৰতাৰণাৰ এই অভিযোগ ৷

কেৱল এয়াই নহয়, UPSC, APSC প্ৰশিক্ষণৰ নামত বিধায়কৰ জৰিয়তে চৰকাৰে আবন্টন দিয়া শিক্ষাৰ্থীৰ জলপানীৰ নামতো বৃহৎ কেলেংকাৰী সংঘটিত কৰিছে বিধায়ক হুদাই ৷ এই অভিযোগ উত্থাপন কৰিছে প্ৰশিক্ষণত অংশ লোৱা ছাত্ৰগৰাকীয়ে । উল্লেখ্যযোগ্য যে, ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণৰ নামত জলপানীৰ ধনৰ ব্যাপক কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত এতিয়া উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে সচেতন মহলে । নিৰপেক্ষ তদন্ত হ’লে হয়তো সকলো পৰিষ্কাৰ হৈ পৰিব ৷

লগতে পঢ়ক : অগপৰ নাম শুনিয়েই খঙত টিঙিৰি তুলা বিধায়ক নুৰুল হুদা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.