ETV Bharat / state

চিকিৎসালয়ৰ ব্লাড বেংকৰ বাবে বনকৰ্মী-বিধায়কে দিলে তেজ !

author img

By

Published : May 4, 2020, 7:00 PM IST

বন্যপ্ৰাণীৰ সেৱাত নিয়োজিত বন বিভাগৰ বিষয়া-কৰ্মচাৰী এইবাৰ অৰণ্যৰ পৰা কিছু আঁতৰি ব্ৰতী হৈছে মানৱ সেৱাত । চিকিৎসালয়ৰ ব্লাড বেংকৰ বাবে দান কৰিলে তেজ । 'সহায় ৰক্তদান অসমে' আয়োজন কৰা ৰক্তদান শিবিৰত ৰক্তদান কৰিলে বিধায়ক ৰূপক শৰ্মায়ো ।

MLA, FOREST OFFICER AND FORESTERS DONATED BLOOD IN NAGAON

নগাঁও, 4 মে' : বন্যপ্ৰাণীৰ সুৰক্ষাৰ লগতে জীৱ-জন্তুৰ সেৱাতে নিয়োজিত হৈ থাকে বন কৰ্মীসকল। কিন্তু এইবাৰ নগাঁৱত ব্যতিক্ৰমী ৰূপত দেখা গ'ল নগাওঁ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ বিষয়া-কৰ্মীক । লাওখোৱা , বুঢ়াচাপৰি অভয়াৰণ্যত কৰ্তব্য পালন কৰা বিষয়া কৰ্মচাৰীসকল আগবাঢ়ি আহিল ৰক্তদান কৰিবলৈ ।

দ্বিতীয় পৰ্যায়ৰ লক্ ডাউন শেষ হোৱাৰ সময়তে চিকিৎসালয়সমূহত সকলো ৰোগীৰ চিকিৎসা আৰম্ভ কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে ৷ কিন্তু প্ৰায়সমূহ চিকিৎসালয়তে দেখা দিছে তেজৰ নাটনিয়ে। চিকিৎসালয়সমূহত তেজৰ নাটনি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰক্তদান অসম নামৰ স্বেচ্ছাসেৱী সংস্থাই আয়োজন কৰিছে ৰক্তদান শিবিৰৰ। নগাওঁ ছোৱালী মহাবিদ্যালয়ত আয়োজন কৰা এই ৰক্তদান শিবিৰতে নগাওঁ বন্যপ্ৰাণী সংমণ্ডল বিষয়া টি চি ৰঞ্জিতৰ নেতৃত্বত ১৫ জনকৈ বিষয়া কৰ্মীয়ে তেজ দান কৰে।

চিকিৎসালয়ৰ ব্লাড বেংকৰ বাবে বনকৰ্মী-বিধায়কে দিলে তেজ !
এই ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰি ৰক্তদান কৰিলে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ো । লক্ ডাউনৰ সময়ত চিকিৎসালয়সমূহৰ ব্লাড বেংকত তেজৰ অভাৱ হোৱাৰ সময়তে সহায় ৰক্তদান অসমে ৰক্তদান শিবিৰৰ আয়োজন কৰাৰ খবৰ পাই স্বেচ্ছাই ৰক্তদান কৰে বিধায়ক ৰূপক শৰ্মাই ।

সহায় ৰক্তদান অসমে নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ এন এছ এছ গ্ৰুপৰ সহযোগত আয়োজন কৰা ৰক্তদান শিবিৰত মহাবিদ্যালয়খনৰ ছাত্ৰীৰ লগতে প্ৰায় এশজনকৈ লোকে দান কৰে তেজ । পুৱা নগাওঁ জিলা উপায়ুক্ত যাদৱ শইকীয়াই শুভাৰম্ভ কৰে ৰক্তদান শিবিৰৰ । বিগত পাঁচ বছৰ ধৰি অসমৰ লগতে বহিঃৰাজ্যতো ৰক্তদানৰ ব্যৱস্থা কৰি আহিছে সহায় ৰক্তদান অসমে ।

লগতে পঢ়ক : ভায়েকৰ ফেচবুক লাইভৰ বাবে বায়েকক চিকিৎসা নকৰিলে চিকিৎসকে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.