নগাঁও, 15 আগষ্টঃ আজি ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ লগতে পবিত্ৰ ৰাক্ষী বন্ধন । হাতে হাতে পূজাৰ থাল লৈ এজাক মহিলাৰ সৈতে বিধায়িকা আঙুৰলতা ডেকাই ৰাখী পিন্ধালে জোৱানসকলক । বৃহস্পতিবাৰে একল অভিযান বটদ্ৰৱা মঞ্চৰ উদ্যোগত বটদ্ৰৱাৰ বৰমনিপুৰ ষষ্ঠদশ আৰক্ষী বেটেলিয়ানত বিধায়িকা গৰাকী উপস্থিত হৈ জোৱানসকলক ৰাখী পিন্ধায় । দেশ মাতৃৰ সেৱাত অগ্ৰসৰ হ'বলৈ জোৱান সকলক এনেদৰেই প্ৰেৰণা দিয়ে বিধায়িকা গৰাকীয়ে ।
উল্লেখ্য যে, বটদ্ৰৱাৰ বৰমণিপুৰস্থিত ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ পেৰেড গ্ৰাউণ্ডত 73 তম স্বাধীনতা দিৱস উপলক্ষে পুৱা ভাগত পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত আছিল বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা । তাৰ পাচতে ৰাখী বন্ধন উপলক্ষে বৰমনিপুত উপস্থিত হৈ বিধায়িকা গৰাকীয়ে আৰক্ষী জোৱানক ৰাখী পিন্ধাই উদযাপন কৰে ৰক্ষা বন্ধন ৷