নগাঁও, 12 ফেব্ৰুৱাৰীঃ বুধবাৰে এ আই ইউ ডি এফ দলৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থাই । বিধায়ক আমিনুল ইছলামে অসমৰ মিঞা মুছলমান আৰু আহোম সন্দৰ্ভত মন্তব্য কৰি দিছিল খিলঞ্জীয়াৰ এক সংজ্ঞা । যাৰ পৰিপ্ৰেক্ষিতত আহোমসকলক অপমান সূচক মন্তব্য কৰাৰ অভিযোগত বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৱে ৷ তাৰোপৰি শীঘ্ৰে বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰৰ দাবী জনায় সংগঠনটোৱে ।
আৰু পঢ়কঃ গৰিয়া-মৰিয়া, দেশী,জলহা মুছলমান সকলক কি আহ্বান মমিনুল আৱাল