ETV Bharat / state

এইবাৰ নাগৰিকপঞ্জীৰ আপত্তিৰ বিৰুদ্ধে সৰৱ বিধায়ক আমিনুল ইছলাম - etv bharat

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ একাংশ বিষয়া-কৰ্মচাৰী ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগ বিধায়ক আমিনুল ইছলামৰ

এইবাৰ নাগৰিকপঞ্জীৰ আপত্তিৰ বিৰুদ্ধে সৰৱ বিধায়ক আমিনুল ইছলাম
author img

By

Published : May 13, 2019, 6:37 PM IST

নগাঁও, 13 মে': ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ প্ৰতিবাদত এতিয়া উত্তাল হৈ পৰিছে ৰাজ্য ৷ নিতৌ পোহৰলৈ আহিছে এন আৰ চিৰ নামত সংঘটিত হাৰাশাস্তিৰ ন ন তথ্য ৷ আপত্তি-আবেদনৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এন আৰ চি কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ এন আৰ চিৰ একাংশ বিষয়া-কৰ্মচাৰীসকল ষড়যন্ত্ৰত জড়িত থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াকে লৈ সৰৱ হৈ উঠিছে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ।

এইবাৰ নাগৰিকপঞ্জীৰ আপত্তিৰ বিৰুদ্ধে সৰৱ বিধায়ক আমিনুল ইছলাম

সোমবাৰে বিধায়ক আমিনুল ইছলামৰ লগতে এআইইউডিএফ কৰ্মীয়ে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়ায় ৷ ভূৱা আপত্তি আৰু বিষয়া কৰ্মচাৰীৰ পক্ষপাতিত্বমূলক আচৰণৰ লগতে এখন শুদ্ধ এন আৰ চি প্ৰস্তুতকৰণৰ দাবীত উলিওৱা হয় এই বিশাল প্ৰতিবাদী সমদল ৷ ধিং চহৰৰ মাজমজিয়াৰ পৰা উলিওৱা বিশাল প্ৰতিবাদী সমদলটো উত্তাল প্ৰতিবাদেৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় । এন আৰ চি-ত সংঘটিত নানান বিসংগতিৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে ধিং চক্ৰ বিষয়াৰ কাৰ্যালয় উত্তাল কৰি তোলাৰ লগতে এন আৰ চিত সংঘটিত খেলিমেলিৰ বিৰুদ্ধে ধিং চক্ৰ বিষয়াৰ জড়িয়তে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ এখন ১১ দফীয়া স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় । এনআৰচিৰ ক্ষড়যন্ত্ৰৰ সৈতে জড়িত থকা চক্ৰ বিষয়াসকলক শাস্তিৰ দাবীত এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে বিধায়কসহ এআইইউডিএফ কৰ্মীসকলে ৷

Intro:এন আৰ চিত সংঘটিত খেলিমেলিক লৈ ধিঙৰ বিধায়ক অামিনুলইছলাম সহ সহস্ৰাধিক লোকৰ প্ৰতিবাদী সমদল, প্ৰতীক হাজেলালৈ স্মাৰকপত্র ।
Body:সম্প্ৰতি অসমত চলি থকা এন আৰ চি উন্নীতকৰণৰত সংঘটিত হৈছে ব্যাপক অনিয়ম । নিতৌ পোহৰলৈ আহিছে এন আৰ চিৰ নামত সংঘটিত হাৰাশাস্তিৰ ন ন তথ্য । আপত্তি আবেদনৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে । এন আৰ চিৰ আপত্তি আবেদনৰ শুনানীৰ ক্ষেত্রতো অব্যাহত আছে ৰহস্যজনক খেলিমেলিৰ ঘটনা । এন আৰ চিৰ একাংশ বিষয়া-কৰ্মচাৰী এই ষড়যন্ৰত জড়িত থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে । যাক লৈ এতিয়া সৰৱ হৈ উঠিছে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম । সোমবাৰে বিধায়ক আমিনুলৰ লগতে সহস্রাধিক এ আই ইউ ডি এফ কৰ্মীক লৈ উলিয়ায় এক বৃহৎ প্ৰতিবাদী সমদল । ভূৱা আপত্তি আৰু বিষয়া কৰ্মচাৰীৰ পক্ষপাতিত্ব মূলক আচৰণৰ লগতে এখন শুদ্ধ এন আৰ চি প্ৰস্ততকৰণৰ দাবীত এই বিশাল প্ৰতিবাদী সমদল উলিয়াই । ধিং চহৰৰ মাজমজিয়াৰ পৰা উলিওৱা বিশাল প্ৰতিবাদী সমদলটো উত্তাল প্ৰতিবাদেৰে উপস্থিত হয়গে ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত । এন আৰ চিত সংঘটিত নানান বিসংগতিৰ বিৰুদ্ধে বিভিন্ন শ্লো'গানেৰে উত্তাল কৰি তোলে ধিং চক্র বিষয়াৰ কাৰ্যালয় প্ৰাংগন । অৱশেষত এন আৰ চিত সংঘটিত খেলিমেলিৰ বিৰুদ্ধে ধিং চক্র বিষয়াৰ জড়িয়তে এখনি ১১ দফীয়া স্মাৰকপত্র প্ৰেৰণ কৰে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ । যত উল্লেখ আছে, এন আৰ চিত অব্যাহত থকা ষড়যন্ৰৰ লগতে ষড়যন্ৰকাৰী চক্ৰক শাস্তিৰ দাবী । এন আৰ চিত সংঘটিত হোৱা একাধিক গুৰুত্বৰ অভিযোগ আৰু এখন শুদ্ধ এন আৰ চি প্ৰস্ততকৰণৰ দাবী । _________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.