ETV Bharat / state

কিশোৰীক অন্তঃসত্বা কৰি মুখ খুলিলেই হত্যাৰ ভাবুকি লম্পট মহৰীৰ - GD brick factory Nagaon

14 বছৰীয়া কিশোৰীক অন্তঃসত্বা কৰিলে ইটা ভাটাৰ মহৰীয়ে ৷ এতিয়া কিশোৰীগৰাকীয়ে মুখ খুলিলেই হত্যাৰ ভাবুকি লম্পট মহৰীৰ (Minor girl threatened with death after getting pregnant) ৷

Minor girl threatened with death after getting pregnant
কিশোৰীক অন্তঃসত্বা কৰি মুখ খুলিলেই হত্যাৰ ভাবুকি
author img

By

Published : Aug 9, 2022, 9:03 PM IST

নগাঁও, 9 আগষ্ট: নগাঁৱত সংঘটিত হৈছে এক জঘন্য কাণ্ড ৷ নগাঁও বেলতলিৰ GD ইটা ভাটাৰ মহৰী আৰু মালিকৰ বিৰুদ্ধে কিশোৰীক অন্তঃসত্ত্বা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনা অনুসৰি বিগত 6 মাহৰ পূৰ্বে তেজপুৰৰ ঢেকীয়াজুলিৰ এগৰাকী 14 বছৰীয়া কিশোৰীয়ে GD ইটা ভাটাত(GD brick factory Nagaon) কাম কৰিবলৈ আহিছিল ৷ কিন্তু কাম কৰি থকাৰ সময়তে ভাটাটোৰ মহৰী চাবিৰুদ্দিনে কিশোৰীগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰে (Minor Girl pregnant in Nogaon)৷

এই ঘটনাৰ পাছতে কিশোৰীগৰাকী অন্তঃসত্বা হয় ৷ বৰ্তমান পাঁচ মাহৰ অন্তঃসত্ত্বা কিশোৰীগৰাকীয়ে চাবিৰুদ্দিনক এই কথা অৱগত কৰাত লম্পট মহৰীটোৱে কিশোৰীগৰাকীক ভয় ভাবুকি দি কাৰো আগত মুখ নুখুলিবলৈ ধমকি দিয়ে ৷ কেৱল এইয়াই নহয় কিশোৰীগৰাকীয়ে এই কথা কাৰোবাৰ আগত ক’লে হত্যা কৰাৰো ভাবুকি দিয়ে মহৰীটোৱে ৷

এই ঘটনাৰ কথা কিশোৰীগৰাকীৰ পৰিয়ালে গম পোৱাৰ পাছতে ইটাৰ ভাটাৰ মালিক জমিৰ উদ্দিনে সমগ্ৰ ঘটনাটো গাপ দিবলৈ চেষ্টা কৰে বুলি অভিযোগ উত্থাপিত হয় ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে নগাঁও সদৰ আৰক্ষী নিৱেশত (Nogaon sadar police station) লিখিত অভিযোগ দাখিল কৰিছে ৷

কিশোৰীক অন্তঃসত্বা কৰি মুখ খুলিলেই হত্যাৰ ভাবুকি

আনহাতে এই সন্দৰ্ভত নগাঁও জিলা প্ৰগতিশীল নাৰী সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদিকা আয়েফা বেগমে‌ প্ৰতিক্ৰিয়া আগবঢ়াই এই জঘন্য কাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে এই দুই অভিযুক্তৰ বিৰুদ্ধে শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তদন্তৰো দাবী কৰে ৷

আনহাতে কিশোৰীগৰাকীয়ে নগাঁৱৰ মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়লৈ(Mohkhuli Maternity and Child Health Hospital Nagaon) যোৱা তিনিদিন ধৰি আলট্ৰাচাউণ্ড কৰিবলৈ অহাৰ পাছতো উপযুক্ত সেৱা লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালে ৷ এতিয়া আৰক্ষীৰ উচিত তদন্তৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷

লগতে পঢ়ক: Crime against woman in Baksa: বাক্সাত অন্তঃসত্বা বোৱাৰীক অত্যাচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.