ETV Bharat / state

ভেকচিন সন্দৰ্ভত উৰা বাতৰি বিয়পালে হ’ব শাস্তি: পীযুষ হাজৰিকা - corona virus

ক’ভিড ভেকচিন(Covid vaccine) ক লৈ কোনো লোকে উৰাবাতৰি বিয়পালে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ । নগাঁৱৰ ভেকচিন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি এই হুংকাৰ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি ক’ভিডক লৈ নগাঁৱবাসীক অধিক সাৱধান হোৱাৰ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ ।

minister Piyush Hazarika says punishment will be meted out if rumours spread about covid vaccine
ভেকচিনক লৈ উৰাবাতৰি বিয়পালে সন্মুখীন হ’ব শাস্তিৰ: পিযুষ হাজৰিকা
author img

By

Published : Jun 23, 2021, 4:03 PM IST

নগাঁও, 23 জুন : ৰাজ্যত ক‘ভিড মহামাৰীৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যেৰে প্ৰতিষেধক প্ৰদান অভিযান তীব্ৰতৰ কৰি তুলিছে ৰাজ্য চৰকাৰে ৷ শেহতীয়াভাৱে কেন্দ্ৰ চৰকাৰে আৰম্ভ কৰা Mega Vaccination Drive কাৰ্যসূচীৰ অধীনত সোমবাৰৰ পৰা অসমত আৰম্ভ হৈছে ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ৷ ৰাজ্যৰ বিভিন্ন স্থানৰ ক’ভিডৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহতো দৈনিক প্ৰতিষেধক ল’বলৈ উপস্থিত হৈছে বহু লোক ৷ কিন্তু তাৰ মাজতে একাংশ লোকে ক’ভিড ভেকচিনক লৈ উৰাবাতৰি বিয়পাই দিয়াৰ অভিযোগ পোহৰলৈ আহিছে ৷

ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিলে অন্য ৰোগত আক্ৰান্ত হোৱা বা শাৰিৰীক সমস্যাত ভূগিবলগীয়া হয় বুলি ৰাজ্যৰ একাংশ পিছপৰা ঠাইত দুষ্টচক্ৰই উৰাবাতৰি বিয়পাই দিছে ৷ যাৰ ফলত এতিয়া উৰাবাতৰিত পতিয়ন গৈ গ্ৰামাঞ্চলত একাংশই ভেকচিন লোৱাৰ পৰা বিৰত আছে ৷ তদুপৰি অপপ্ৰচাৰত পতিয়ন গৈ একাংশ লোকে ভেকচিন দিবলৈ যোৱা স্বাস্থ্যকৰ্মীকো আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷

মন্ত্ৰী পীযুষ হাজৰিকাৰ কঠোৰ নিৰ্দেশ

শেহতীয়াভাৱে এনে উৰাবাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ বুধবাৰে নগাঁৱৰ ভেকচিন প্ৰদান কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি জিলাখনৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই সকলোকে ভেকচিন ল’বলৈ আহ্বান জনায় ৷ লগতে ক’ভিড ভেকচিনক লৈ উৰাবাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে ৷

বুধবাৰে নগাঁও মহাবিদ্যালয়, চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপৰিও জিলাখনৰ কেইবাটাও ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে স্থানীয় বিধায়ক ৰূপক শৰ্মা আৰু নগাঁৱৰ জিলা উপায়ুক্ত কবিথা পদ্মনাভনে । তদুপৰি ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে নগাঁও জিলাও Red Zone ৰ অন্তৰ্ভুক্ত হোৱা বুলি উল্লেখ কৰি নগাঁৱবাসীক অধিক সাৱধান হ’বলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে । বাৰপুজিয়াত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোক কণ্টেইনমেণ্ট জ'ন (Containment zone) ঘোষণা কৰা হ’ব বুলিও জানিবলৈ দিয়ে নগাঁৱৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, ক'ভিড-১৯ ক পৰাভূত কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা ৰাজ্যজুৰি বৰ্ধিত টীকাকৰণ কাৰ্যসূচী(mega vaccination drive) আৰম্ভ হৈছে । দৈনিক তিনি লাখ লোকক ক'ভিড ভেকচিন (Covid vaccine) প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে ইয়াৰ বাবে কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে দুই হাজাৰ টীম নিয়োগ কৰা হৈছে ।

লগতে পঢ়ক : শিৱসাগৰত অত্যাধুনিক ক’ভিড চিকিৎসালয় উদ্বোধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.