ETV Bharat / state

Pijush Hazarika: অখিল, লুৰীণ আৰু গৌৰৱ গগৈক কি অনুৰোধ জনালে মন্ত্ৰী পীযূষ হাজৰীকাই ?

author img

By

Published : Jul 1, 2023, 5:54 PM IST

অখিল, লুৰীণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক হাতযোৰ কৰি সংকীৰ্ণ ৰাজনীতি নকৰিবলৈ অনুৰোধ মন্ত্ৰী পীযূষ হাজৰিকাৰ ৷ তিনি গগৈৰ একত্ৰিত হোৱাটোৱে গুৰুত্বহীন কৰিছে ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াক ৷ কংগ্ৰেছ এআইইউডিএফ ভাই-ককাই ৷ মন্তব্য মন্ত্ৰী পীযূষ হাজৰীকাৰ ।

Pijush Hazarika
Pijush Hazarika
অখিল, লুৰীণ আৰু গৌৰৱ গগৈক কি অনুৰোধ জনালে মন্ত্ৰী পীযূষ হাজৰীকাই ?

নগাঁও, 1 জুলাই: শুকুৰবাৰে অখিল গগৈৰ গৃহ সমষ্টি শিৱসাগৰত অনুষ্ঠিত এক সভাত বিজেপিক প্ৰতিহত কৰিবলৈ একত্ৰিত হ'ল উজনি অসমৰ তিনি গগৈ নেতা ৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু কংগ্ৰেছ নেতা গৌৰৱ গগৈ একত্ৰিত হোৱা বিষয়টো ৰাজ্যৰ ৰাজনীতিত লাভ কৰিছে বিশেষ চর্চা ৷

কিন্তু তিনি গগৈ একত্ৰিত হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰীকাই ৷ ৰাজ্যৰ ৰাজনীতিত একত্ৰিত হোৱা তিনি গগৈক কটাক্ষ কৰি কেইবাটাও মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ অখিল গগৈ , লুৰীণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক হাতযোৰ কৰি অনুৰোধ মন্ত্ৰী পীযূষ হাজৰীকাৰ ৷ সংকীৰ্ণ ৰাজনীতি নকৰিবলৈ অনুৰোধ জনাই মন্ত্ৰী পীযূষ হাজৰীকাৰ মন্তব্য ৷

মন্ত্ৰী হাজৰীকাই কয়, ‘‘আহোম সম্প্ৰদায়ক আমি সন্মান কৰো । আহোম সম্প্ৰদায়ৰ স্বৰ্ণীল ইতিহাস আমাৰ বাবে গৌৰৱ । আহোম সম্প্ৰদায়ৰ অধীনতে অসমীয়া জাতীয়ে মোগল খেদিবলৈ সক্ষম হৈছিল । আমি সকলো অসমীয়া, সকলো ভাৰতীয় একগোট হৈ থাকিব লাগিব ।’’ জাতিটোক ভাগ ভাগ নকৰিব বুলিও মন্তব্য পীযূষ হাজৰীকাৰ ।

শনিবাৰে নগাঁৱত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰীকাই ৷ বিৰোধী ঐক্যকো তীব্ৰ কটাক্ষ পীযূষ হাজৰীকাৰ ৷ সমগ্ৰ উজনি অসমৰ বিৰোধীক লৈ সভা পাতিলে বিৰোধীয়ে । কিন্তু উজনি অসম কেন্দ্ৰিক সভাত উপস্থিত থাকিল মাত্ৰ ৪০০ মানুহ । এয়া আমাৰ বাবে ভাল খবৰ কিন্তু বিৰোধীৰ বাবে চিন্তনীয় বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ।

পীযূষ হাজৰীকাই লগতে কয়, ‘‘ৰকিবুল হুছেইন আৰু দেৱব্ৰত শইকীয়ালৈ বেয়া লাগিছে ৷ তিনি গগৈ একত্ৰিত হোৱা সভাত গুৰুত্বহীন হৈ পৰিল দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনৰ দৰে নেতা । কেৱল অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈয়েহে গুৰুত্ব পালে ৷’’ ইফালে এআইইউডিএফ আৰু কংগ্ৰেছৰ মিতিৰালি বৰাকত পুনৰ প্ৰমাণ হ’ল বুলিও মন্তব্য পীয়ুষ হাজৰীকাৰ ৷ বৰাকত দুয়োটা দলে একেলগে প্ৰতিবাদ কৰিলে, বন্ধৰ আহ্বান জনালে । কংগ্ৰেছ এআইইউডিএফক ভাই ভাই বুলিও উল্লেখ কৰি কটাক্ষ কৰে মন্ত্ৰী পীযূষ হাজৰীকাই ৷

মাটি-বাৰীক লৈ ভাই-ককাইৰ মাজত কাজিয়া হোৱাৰ দৰেই কংগ্ৰেছ-এআইইউডিএফৰ কাজিয়া হয় আকৌ ভাই ভাই হৈ যায় ৷ আনহাতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাণৰ খচৰাই খিলঞ্জীয়াক সুৰক্ষিত কৰা বুলিও মন্তব্য কৰিলে মন্ত্ৰী পীযূষ হাজৰীকাই ৷

লগতে পঢ়ক: Constituency delimitation: শিৱসাগৰত বিৰোধী ঐক্যৰ সংবাদমেল; সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে তৰিব গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.