নগাঁও, 11 ডিচেম্বৰ : ৰাজ্যৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত আশীৰ্বাদ লৈ যোৱা ২ নৱেম্বৰৰ পৰা উৎপাদন বন্ধ হৈ থকা অসম সমবায় মৰাপাট কলৰ কৰ্তৃপক্ষৰে আলোচনাত মিলিত হ'ল ৰাজ্যৰ বিত্ত মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা ৷ মন্ত্ৰী ড৹ শৰ্মাই আজি দেৱালয়ত পূজা-অৰ্চনা, হোম-যজ্ঞৰ লগতে দেৱালয়ত প্ৰচলিত গোঁসানী নাম শ্ৰৱণ কৰি ভক্তিৰসত ডুব যায় ।
শিলঘাটৰ কামাখ্যা দেৱালয়ত মূল পূজাৰী নৱীন বৰঠাকুৰৰ পৰা বিটিচি নিৰ্বাচন আৰু সমাগত তিৱা স্বায়ত্ব শাসিত নিৰ্বাচনৰ ফলাফলৰ বাবে আশিস-নিৰ্মালি গ্ৰহণ কৰে বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত, বিজেপিৰ ৰাজ্যিক সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, অগপ দলৰ সাংগঠনিক মণিমাধৱ মহন্ত তথা দুই দলৰ বিষয়-ববীয়া কৰ্ম-কৰ্তাসকল ।
ইয়াৰ পিচতেই পিছতেই অসম সমবায় মৰাপাট কলৰ বিষয়-ববীয়াৰে আলোচনাত মিলিত হয় মন্ত্ৰী ড৹ শৰ্মা । সমান্তৰাল ভাৱে এক অপ্ৰীতিকৰ পৰিস্থিতিত বন্ধ হৈ পৰা অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰে ৰাজ্যৰ বিত্ত, শিক্ষা তথা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে, যোৱা ১২ নৱেম্বৰ তাৰিখে মৰাপাট কল কৰ্তৃপক্ষ, ৰাজ্যৰ সমবায় বিভাগ আৰু বিত্ত বিভাগৰ উচ্চ পদস্থ বিষয়াৰে হোৱা আলোচনা মৰ্মে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কলটো পুনৰ সঞ্চালন কৰিবলৈ ১০ কোটি টকাৰ এক সাহায্য ঘোষণা কৰিছিল ।
শুকুবাৰে পুৱা হেলিকপ্তাৰেৰে কলিয়াবৰৰ ডা৹ টি. আও গ্ৰাম্য খেলপথাৰত অৱতৰণ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পিচতেই শিলঘাটৰ কামাখ্যা পাহাৰ স্থিত ৰাজ্যৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত পূজা-অৰ্চনা কৰি সমীপতে থকা অসম সমবায় মৰাপাট কলটোৰ কৰ্তৃপক্ষৰে কলটো পুনৰ সঞ্চালনৰ কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে ।
সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে দেৱালয়ৰ সৌন্দৰ্যবৰ্ধনৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা বাবে নিৰ্দেশ দিয়ে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তক । লগতে অসম সমবায় মৰাপাট কললৈ পূৰ্বে ঘোষণা কৰা দহ কোটি টকা অহা মাৰ্চ মাহৰ ভিতৰত মোকলাই দিয়া আশ্বাস দিয়ে অসমৰ বিত্ত মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক:দীঘলীপুখুৰীৰ পাৰৰ পৰা ৰণহুংকাৰ লাইভ