ETV Bharat / state

ক'ভিড সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ - ক'ভিড আক্ৰান্ত

মঙলবাৰে চক্ৰ বিষয়াৰ জৰিয়তে কলিয়াবৰ ছাত্ৰ সন্থাই কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ ৰাজ‍্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তলৈ প্ৰেৰণ কৰে ৷ কলিয়াবৰত ক'ভিড সংক্ৰমণ নিয়ন্ত্ৰণ, চিকিৎসাৰ তৎকালীন ব‍্যৱস্থা ল'বলৈ আৰু ক'ভিডত আক্ৰান্ত হোৱা ৰোগীসকলক সকলো ধৰণৰ সা-সুবিধা লাভৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সংগঠনটোৱে ৷

Memorandum sent to Health Minister for control of covid transmission
ক'ভিড সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ
author img

By

Published : May 19, 2021, 9:15 AM IST

কলিয়াবৰ,19 মে': কৰ'ণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে কলিয়াবৰ ছাত্ৰ সন্থাই চক্ৰ বিষয়াৰ জৰিয়তে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ ৰাজ‍্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তলৈ প্ৰেৰণ কৰিছে ৷ কলিয়াবৰত ক'ভিড সংক্ৰমণ নিয়ন্ত্ৰণ, চিকিৎসাৰ তৎকালীন ব‍্যৱস্থা ল'বলৈ আৰু ক'ভিডত আক্ৰান্ত হোৱা ৰোগীসকলক সকলো ধৰণৰ সা-সুবিধা লাভ কৰিব পৰাকৈ এটি ক'ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণৰ দাবী জনাই সংগঠনটোৱে ৷

ক'ভিড সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

শেহতীয়াভাৱে ৰাজ‍্যৰ জনগণে ক'ভিডৰ সৈতে যুঁজিবলৈ প্ৰতিষেধক বিচাৰি হাবাথুৰি খাবলগীয়া হোৱা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিগৰাকী লোকে যাতে সুকলমে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰে, তাৰ বাবে উপযুক্ত ব্যৱস্থা কৰিবলৈ স্বাস্থ্যমন্ত্ৰী গৰাকীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷

উল্লেখযোগ‍্য যে, সোমবাৰলৈকে কলিয়াবৰত ক'ভিড আক্ৰান্তৰ সংখ‍্যা 528 গৰাকীলৈ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে দিনটোত 71 গৰাকী লোকৰ দেহত নতুনকৈ ক'ভিডৰ উপস্থিতি ধৰা পৰে । ইয়াৰ লগতে 258 গৰাকী আক্ৰান্তই আৰোগ্য লাভ কৰাৰ লগতে 270 গৰাকী লোক চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক: নগাঁও জিলাত ক’ভিড কেয়াৰ সেৱা কেন্দ্ৰ মুকলি প্ৰদ্যুৎ বৰদলৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.