ETV Bharat / state

নগাঁৱত AJYCP ৰ প্ৰতিবাদত আৰক্ষীৰ বাধা - অত্যাৱশ্যকীয় সামগ্ৰী

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আৰক্ষীৰ বাধা প্ৰতিবাদকাৰীক ৷

Massive Protest In Nagaon
নগাঁৱত AJYCP ৰ প্ৰতিবাদত আৰক্ষীৰ বাধা
author img

By

Published : Feb 5, 2021, 4:56 PM IST

Updated : Feb 5, 2021, 7:48 PM IST

নগাঁও, 5 ফেব্ৰুৱাৰী : মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ । সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কিন্তু প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে নগাঁও আৰক্ষীয়ে ৷ আনকি, প্ৰতিবাদকাৰীয়ে লৈ যোৱা জুমুঠিও হস্তক্ষেপ কৰে আৰক্ষীয়ে ৷

নগাঁৱত AJYCP ৰ প্ৰতিবাদত আৰক্ষীৰ বাধা

উল্লেখ্য যে, পেট্ৰ'ল-ডিজলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ নগাঁৱৰ নতুন বজাৰস্থিত সংগঠনটোৰ কাৰ্যালয়ৰ পৰা ঘাইপথ অভিমুখে ৰাওনা হোৱাৰ সময়তে বাধা প্ৰদান কৰে নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে । প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । ইফালে, আৰক্ষীৰ তীব্ৰ বাধাকো নেওচি সমদল কৰি আগবঢ়াৰ চেষ্টা প্ৰতিবাদকাৰীৰ । ফলত তীব্ৰ সংঘাতৰ সৃষ্টি হয় আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত ।

আনহাতে, আৰক্ষীৰ সন্মুখতে চৰকাৰৰ লগতে আৰক্ষীৰ বিৰুদ্ধে নানা শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ । ইফালে, প্ৰতিবাদত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ সময়তে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী কেন্দ্ৰীয় নেতাক আৰক্ষীয়ে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰি নগাঁও জিলা বন্ধৰ আহ্বান কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে ।

লগতে পঢ়ক : বায়ু পথেৰে বহিঃজগতৰে সংযোজিত হ’ল মাজুলী

Last Updated : Feb 5, 2021, 7:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.