নগাঁও,15 মাৰ্চ: শিলঘাট ধিং মথাউৰি মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি জলসম্পদ বিভাগৰ ৷ নিম্নমানৰ সামগ্ৰী ব্য়ৱহাৰ কৰি বৃহৎ পৰিমাণৰ টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি নিজৰ খেয়াল খুচি মতে নিৰ্মাণ কৰিছে মথাউৰি । যাক লৈ ধিঙত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কিয়নো মথাউৰি নিৰ্মাণ কৰা স্থানত নাই কোনো নাম ফলক। ৰাইজে চিনি নাপাই ঠিকাদাৰক ৷ এজন উপ ঠিকাদাৰ নিয়োগ কৰি মাটিৰ পৰিৱৰ্তে বালিৰে নিৰ্মাণ কৰিছে মথাউৰি ৷ ইয়াকে লৈ ক্ষোভিত অঞ্চলবাসী ৷
উল্লেখ্য যে, মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ দিনৰে পৰা আজিলৈকে কামৰ তদাৰক কৰিবলৈ উপস্থিত নহ'ল নগাঁও জলসম্পদ বিভাগৰ কোনো এজন বিষয়া কৰ্মচাৰী । ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ একাংশ দুৰ্নীতি পৰায়ণ বিষয়া কৰ্মচাৰীয়ে মিলি দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ সেয়েহে ৰাইজে জলসম্পদ বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক তদন্ত ক্ৰমে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
লগতে পঢ়ক: কোকৰাঝাৰ আৰক্ষী আৰু এছ এছ টিৰ অভিযানত জব্দ 40 কেজি গাঞ্জা