ধিং, ৯ ডিচেম্বৰ: ধিঙৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত বেলুগুৰিত বুধবাৰে ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় । নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে জহিৰুল ইছলাম নামৰ লোকজনৰ বাসগৃহ । জুইত জাহ যায় বাসগৃহৰ ভিতৰত থকা আচবাবৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ । পৰিয়ালৰ লোকে জনোৱা মতে, ঘৰৰ ভিতৰত ৫০ হাজাৰ টকাও আছিল আৰু টকাখিনি পুৰি ছাঁই হয় ।
![ধিঙৰ বেলুগৰিত ভয়াৱহ অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-02-9dec-fair-as10013_09122020154154_0912f_1607508714_130.jpg)
জুই লগাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । আনহাতে, আপোন ঘৰখন জুইত জাহ যোৱাত জহিৰুল ইছলামৰ পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক:মাগুৰি মতাপুং বিললৈ আগমণ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ