ETV Bharat / state

Anti-child marriage operation in Assam: ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান, নগাঁও আৰক্ষীৰ জালত বহু স্বামীকে ধৰি ৫১ জনকৈ - Anti child marriage operation in Assam

বাল্য বিবাহৰ বিৰুদ্ধে এক্সনত নগাঁও আৰক্ষী (Operation against Child marriage in Nagaon) । নগাঁৱত মাজনিশা পৰ্যন্ত আটক ৫১ জনকৈ লোক । বাল্য বিবাহত জড়িত স্বামীৰ বিৰুদ্ধে অভিযান অব্যাহত নগাঁও আৰক্ষীৰ ।

Illegitimate husband arrested in Nagaon
নগাঁৱত আটক ৫১ জন বেআইনী স্বামী
author img

By

Published : Feb 3, 2023, 11:25 AM IST

নগাঁৱত আটক ৫১ জন বেআইনী স্বামী

নগাঁও, 3 ফেব্ৰুৱাৰী: বাল্য বিবাহৰ বিৰুদ্ধে ইতিমধ্যেই কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam drive against child marriage)। বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হৈ বাল্য বিবাহৰ লগত জড়িত থকা বেআইনী স্বামী, পৰিয়ালৰ লোক, পুৰোহিত, পূজাৰী, মৌল্লবী আৰু কাজিক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Operation against child marriage) ।

তাৰ পিছতেই ৰাজ্যৰ প্ৰতিখন জিলাতেই অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে আৰম্ভ কৰে তীব্ৰতৰ অভিযান (Child marriage cases registered in Assam) ৷ অভিযানকালত বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাল্য বিবাহৰ লগত জড়িত থকা বহুকেইজনক আটক কৰে আৰক্ষীয়ে ৷ ইফালে সমগ্ৰ ৰাজ্যতে এই পৰ্যন্ত বাল্য বিবাহৰ মুঠ ৪,০০৪ টা গোচৰ পঞ্জীয়ন হৈছে (Assam child marriage case list) ৷ তাৰ ভিত্তিতেই আৰক্ষীয়ে চলাই গৈছে অভিযান ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতেই বাল্য বিবাহৰ লগত জড়িত বেআইনী স্বামী আৰু পৰিয়ালৰ লোকৰ বিৰুদ্ধে এক্সন আৰম্ভ কৰিলে নগাঁও আৰক্ষীয়ে (Operation against Child marriage In Assam)।

নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সম্প্ৰীতি হাজৰিকাৰ নেতৃত্বত বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাই প্ৰথমটো বাল্য বিবাহত জড়িত স্বামীক আটক কৰিবলৈ সক্ষম হয় (Illegitimate husband arrested From Nagaon)।

বটদ্ৰৱা আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া পৰ্যন্ত বাল্য বিবাহত জড়িত পাঁচজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় (Child marriage in Assam) । একেদৰে ৰূপহীহাট আৰক্ষীয়ে বেআইনী স্বামীৰ লগতে স্বামীৰ পিতৃকো আটক কৰিবলৈ সক্ষম হয় । ইপিনে ধিং আৰক্ষীয়ে নিশা অভিযান চলাই বাল্যবিবাহৰ লগত জড়িত পাঁচজনকৈ লোকক আটক কৰিবলৈ হয় ।

তাৰোপৰি নগাঁও আৰক্ষীয়েও বৃহস্পতিবাৰে নিশা বিভিন্ন স্থানত অভিযান চলাই বাল্য বিবাহত জড়িত কেইবাজনো লোকক আটক কৰিবলৈ সক্ষম হয় । একেদৰে বেবেজীয়া আৰক্ষীয়েও বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই এজন স্বামীক আটক কৰিবলৈ সক্ষম হয় । সৰ্বমুঠ নগাঁৱত এই পৰ্যন্ত আৰক্ষীয়ে আটক কৰে বেআইনী স্বামীকে ধৰি ৫১ জন লোকক ৷

লগতে পঢ়ক: Operation against child marriage: বাল্যবিবাহৰ লগত জড়িত ৩৬ জন লোকক আটক বিলাসীপাৰাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.