বঢ়মপুৰ,15 এপ্ৰিল: সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে নগাঁও জিলাৰ কামপুৰৰ তেতেলীসৰাতো উদযাপন কৰা হয় পহিলা বহাগ অৰ্থাৎ মানুহ বিহু ৷ বিহু উপলক্ষে জীয়ৰী-বোৱাৰী, বুঢ়া-মেথা সকলোৰে গা এতিয়া সাতখন-আঠখন ৷
কামপুৰৰ নিশাৰী পাৰৰ তেতেলীসৰা গাঁৱৰ যুৱকসকলে উলহ-মালহেৰে পালন কৰিছে হেঁপাহৰ বিহুটি । বিগত বছৰৰ দৰে এইবাৰো পৰম্পৰা ৰক্ষা কৰি জ্যেষ্ঠজনক বিহুৱান দি বছৰটোৰ বাবে আশীৰ্বাদ লয় ডেকা-গাভৰুহঁতে ।
লগতে পঢ়ক : বিশ্বনাথ চাৰিআলিৰ পাভৈত চড়ক মেলা উদযাপন