ETV Bharat / state

Junmoni Rabha death case: জোৰদাৰ গতিত চলিছে চি বি আইৰ তদন্ত; ভেদ হ’বনে ৰহস্য !

author img

By

Published : Jun 18, 2023, 8:52 PM IST

আৰক্ষী এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে তদন্ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে ৷ দেওবাৰে চিবিআইৰ জেৰাৰ বাবে উপস্থিত হয় ইন্সপেক্টৰ মনোজ ৰাজবংশী, আভাজ্যোতি ৰাভা আৰু ৰাজা ইৰ্শ্বাদ ৷

Manoj Rajbanshi, Abhajyoti Rabha and Raja Irshad facing CBI interrogation
CBI ৰ জেৰাৰ সন্মুখীন মনোজ ৰাজবংশী, আভাজ্যোতি ৰাভা আৰু ৰাজা ইৰ্শ্বাদ

নগাঁও, 18 জুন : মৰিকলং থানাৰ আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ ঘটনাই ৰাজ্যজুৰি তোলপাৰ লগাইছিল ৷ ইয়াৰ পিচতে জোনমণি ৰাভাৰ মৃত্যুক স্বাভাৱিক দুৰ্ঘটনা বুলি মানি লোৱা নাছিল পৰিয়ালৰ লোকে ৷ সামাজিক মাধ্যমত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা তদন্ত কৰিবলৈ ইটোৰ সিটো পোষ্টে ব্যাপক চৰ্চা লাভ কৰিছিল ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম অৱস্থাত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ চি আই ডিক নিৰ্দেশনা দিছিল ৷ চি আই ডিৰ আওতাত জেৰাৰ সন্মুখীন হৈছিল আৰক্ষী বিষয়াৰ লগতে প্ৰত্যক্ষদৰ্শীলৈ ৷ কিন্তু এই তদন্ততো সন্তুষ্ট হোৱা নাছিল জোনমণিৰ পৰিয়ালৰ লগতে ৰাজ্যবাসী ৷ ৰাইজৰ দাবী অনুসৰি শেহতীয়াকৈ ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব CBI ক অৰ্পণ কৰে ৷

সম্প্ৰতি আৰক্ষী এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে তদন্ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে । দেওবাৰে চিবিআইৰ জেৰাৰ বাবে উপস্থিত হয় ইন্সপেক্টৰ মনোজ ৰাজবংশী, আভাজ্যোতি ৰাভা আৰু ৰাজা ইৰ্শ্বাদ ৷

এগৰাকী সুদক্ষ আৰু কঠোৰ আৰক্ষী বিষয়া হিচাপে দেশজুৰি পৰিচিত চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত যোৱা বৃহস্পতিবাৰেই নগাঁৱত উপস্থিত হোৱা চি বি আইৰ দলটোৱে তীব্ৰতৰ কৰি তুলিছে তদন্ত প্ৰক্ৰিয়া । এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ লগতে মুঠ চাৰিটা গোচৰৰ তদন্ত আৰম্ভ কৰিছে চি বি আইয়ে । এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তকাৰী চি বি আইৰ দলটোত আছে আন এগৰাকী সুদক্ষ বিষয়া মনিন্দৰ সিং।

বৃহস্পতিবাৰে ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত চি বি আইৰ দলটোৱে প্ৰথমেই কলিয়াবৰৰ জখলাবন্ধাত উপস্থিত হৈ পৰিদৰ্শন কৰে জোনমণি ৰাভাৰ ৰহস্যজনক দুর্ঘটনা সংঘটিত হোৱা স্থান । শুকুৰবাৰে জোনমণি ৰাভাৰ মৃতদেহ উদ্ধাৰ কৰা কলিয়াবৰৰ আৰক্ষী বিষয়া জাকাৰীয়া চৌধুৰীৰ লগতে জোনমণি ৰাভাৰ মাতৃ আৰু পৰিয়ালক সাক্ষাৎ কৰি ভাষ্য গ্ৰহণ কৰে তদন্তকাৰী দলটোৱে ৷

শনিবাৰে চি বি আইৰ তদন্তৰ তৃতীয় দিনা লাভলী কাটাৰীয়াৰ নেতৃত্বত চি বি আইৰ দলটোৱে পুৱাই নগাঁও আৰক্ষী ছাউনীত উপস্থিত হৈ সংগ্ৰহ কৰে বহু তথ্য । ইফালে দেওবাৰে মনোজ ৰাজবংশী, আভাজ্যোতি ৰাভা আৰু ৰাজা ইৰ্শ্বাদক জেৰা চলায় চিবিআইৰ দলে ৷

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱা সকলোৰে আস্থা এতিয়া চি বি আইৰ তদন্তৰ ওপৰত ৷ জোনমণিৰ মৃত্যুক লৈ সৃষ্টি হোৱা ৰহস্য চিবিআয়ে ভেদ কৰিব পাৰিব নে ? কোনো ডাঙৰ তথ্য উদ্ঘাটন হ’ব নেকি এই তদন্তৰ পৰা ? চৰ্চা হৈ থকা কথাবোৰৰ দৰেই আওঁতালৈ আহিব পাৰে নেকি আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া ? ফলাফল কি ওলাব ? এই সকলো প্ৰশ্নৰ উত্তৰৰ বাবে অপেক্ষা মাথো সময়লৈ...

লগতে পঢ়ক: CBI probe into Junmoni Rabha death: তদন্তৰ খাতিৰত মন্তব্য দিয়াৰ পৰা বিৰত আছে জোনমণি ৰাভাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.