ETV Bharat / state

এইবাৰ বন্যহস্তীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল এগৰাকী বৃদ্ধ

author img

By

Published : Jun 14, 2021, 6:38 PM IST

নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তৰ্গত শিঙীয়াৰ মনোআটি ৰিজাৰ্ভত বন্যহস্তীৰ উপদ্ৰৱ। দেওবাৰে বিয়লি বন্যহস্তীৰ অতৰ্কিত আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী বৃদ্ধ লোকৰ ।

এইবাৰ বন্যহস্তীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল এগৰাকী বৃদ্ধ
এইবাৰ বন্যহস্তীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল এগৰাকী বৃদ্ধ

নগাঁও, 14 জুন : ৰাজ্য়ত অতি ভয়াৱহ ভাৱে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৷ দুস্কৃতিকাৰীয়ে যিমানেই বন ধ্বংস যজ্ঞ চলাই গৈছে সিমানেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ জীৱ-জন্তুৰ আগমন হোৱা পৰিলক্ষিত হৈছে ৷

বিগত বহু মাহ ধৰি বন্য় হস্তীৰ আক্ৰমণত বিভিন্ন লোকৰ সা-সম্পত্তি ধ্বংস হোৱাৰ লগতে বিভিন্ন জন লোকৰ প্ৰাণ গৈছে ৷ কিছুদিন পূৰ্বে পেঙেৰীত হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গৈছে ৷ বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ প্ৰাণ যোৱা পৰিলক্ষিত হৈছে ৷ তাৰেপৰি বন্যহস্তীৰ অতৰ্কিত আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বহুলোকৰ ৷

দেওবাৰে বন্যহস্তীৰ অতৰ্কিত আক্ৰমণৰ পৰা সৌভাগ্য ক্ৰমে পৰা প্ৰাণ ৰক্ষা পৰে শ্ৰী শ্ৰী অমৰনাথ বাবা মন্দিৰৰ পুৰুহিত ৰত্নেশ্বৰ দলৈৰ। নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তৰ্গত শিঙীয়াৰ মনোআটি ৰিজাৰ্ভত প্ৰতিদিনেই বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ। দেওবাৰে বিয়লি ভাগত ৮৫ বছৰীয়া বৃদ্ধ লোকগৰাকী বন্যহস্তীৰ অতৰ্কিত আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে ।

উল্লেখ্য যে,বন্যহস্তীৰ আক্ৰমণৰ সময়ত তেখেতে মন্দিৰৰ ভিতৰতে পূজা কৰি আছিল ৷ সেই সময়তে খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা এটা বন্যহস্তীয়ে মন্দিৰৰ মণিকুট ভাঙিবলৈ আৰম্ভ কৰিছিল । কোনো মতে পলাই যাবলৈ সক্ষম হোৱা পুৰোহিত গৰাকীৰ সৌভাগ্য ক্ৰমে প্ৰাণ ৰক্ষা পৰিছিল ।

উল্লেখনীয় ভাৱে কিছুদিন পূৰ্বে ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত তৰাণি বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ এটা জাকৰ আক্ৰমণত প্ৰাণ গৈছিল ১ নং ডিব্ৰুজানৰ যোচেফ খাৰিয়া নামৰ লোকজনৰ ৷ ৰাজ্য়ত এনেদৰেই বন্য় হস্তীৰ উপদ্ৰৱত প্ৰাণ গৈছে ইজনৰ পিচত সিজন লোকৰ ৷

লগতে পঢ়ক: হাতী-মানুহৰ সংঘাত: গোলাঘাটত নিহত মাতৃ-পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.