কলিয়াবৰ, ১৮ ছেপ্টেম্বৰ: বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান নগাঁৱৰ কলিয়াবৰৰ কেইবাখনো গাঁৱৰ ৰাইজ । নিতৌ বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৰাইজে । নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহে হাতীৰ বৃহৎ জাক । শুকুৰবাৰে নিশাও কলিয়াবৰৰ সোণাৰি গাঁৱত বন্যহস্তীয়ে উপদ্ৰৱ চলায় ।
বিশ্বকৰ্মা পূজাৰ নিশা গাঁওখনৰ এটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে হাতীয়ে । এগৰাকী মহিলাই কণমানি সন্তানক লগত লৈ শুই থকা অৱস্থাতে হাতীয়ে শোৱনি কোঠাৰ বেৰ ভাঙি শুৰডাল কোঠাটোৰ ভিতৰলৈ সুমুৱাই দিয়ে । অকলে থকা মহিলাগৰাকীয়ে হাতীটো দেখি আতংকিত হৈ পৰে । লগতে গাঁওখনৰ আন কেইবাটাও পৰিয়ালৰ সম্পত্তিৰ ক্ষতিসাধন কৰে ।
এনে ঘটনা প্ৰথমবাৰৰ বাবে সোণাৰি গাঁৱত সংঘটিত হোৱা নাই । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীয়ে শিলঘাট-কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া সোনাৰি গাঁৱত প্ৰায়েই উপদ্ৰৱ চলায় ।
ভঁৰালৰ ধান খাই তহিলং কৰে বন্যহস্তীয়ে । হাতী-মানুহৰ সংঘাতৰ ফলত কলিয়াবৰৰ ৰাইজে নিজৰ সম্পত্তিৰ হেৰুওৱাৰ লগতে কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । কিন্তু এই সমস্যা সমাধানৰ ক্ষেত্ৰত বন বিভাগে কোনো উল্লেখনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী লোকসকলে ।
শুকুৰবাৰে নিশা বন্যহস্তীৰ আক্ৰমণৰ পিছত বহু পলমকৈ বন বিভাগৰ লোক গাঁওখনত উপস্থিত হৈছিল বুলি গাঁওবাসীয়ে জানিবলৈ দিছে । সেয়ে, এইবাৰ বন বিভাগৰ ভৰসা এৰি অভিভাৱক মন্ত্ৰীক তেওঁলোকৰ সমস্যাৰ বিষয়ে অৱগত কৰিব ৰাইজে । লগতে মুখ্যমন্ত্ৰীক ড০ হিমন্ত বিশ্ব শৰ্মাকো এই বিষয়ে ৰাইজে অৱগত কৰিব বুলি জানিবলৈ দিছে ।
লগতে পঢ়ক:নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযানত নামিল গোলাঘাট আৰক্ষী