বটদ্ৰৱা, 9 ফেব্ৰুৱাৰীঃ মাঘী পুৰ্ণিমাৰ আধ্যাত্মিকতাৰে উদুলি মুদুলি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ৷ ভক্তি ৰসৰ নিজৰা বোৱাই হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱাৰ আকাশ বতাহ ৷ আজিৰে পৰা এমাহৰ পিচতেই বটদ্ৰৱাত অনুষ্ঠিত হ'ব দৌল উৎসৱ ৷ আজি মাঘী পূৰ্ণিমা উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰপৰা ভক্তপ্ৰাণ ৰাইজৰ স্ৰোত বৈছে, গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱালৈ ৷ পুৱাৰে পৰা ঐতিহ্যমণ্ডিত দৌল মন্দিৰত নৈবদ্য আগবঢ়াই আশীষ লৈছে ভক্তপ্ৰাণ ৰাইজে ৷
কলিয়াবৰঃ কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰতো তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে পবিত্ৰ মাঘী পূৰ্ণিমা উৎসৱ ৷ মাঘী পূৰ্ণিমাৰ পবিত্ৰ দিনটোত ভক্তপ্ৰাণ ৰাইজৰ সমাগমেৰে এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয় ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ-হাজাৰ ভক্তৰ আগমনে বৈকুণ্ঠধামত পৰিণত কৰিছে ভড়ালী নামঘৰ চৌহদ ৷ ভক্তি ৰসত বুৰ গৈছে ভক্তপ্ৰাণ ৰাইজ ৷
মাঘী পূৰ্ণিমা উপলক্ষে নামঘৰ প্ৰাঙ্গনৰ পৰা আৰম্ভ হোৱা ভাগৱত যাত্ৰাৰ সমাপ্তিৰ পিচতে উৎসৱ পত্ৰিকা "জিলিঙণি" উন্মোচন কৰে হাটবৰ কেন্দ্ৰীয় নাট্য সামাজৰ সম্পাদক তথা শিক্ষক মুৰুলী বৰাই ৷ ইয়াৰোপৰি এই মহিলাৰ দিহা নাম প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷
সৰ্থেবাৰীঃ মাঘী পুৰ্ণিমা উপলক্ষে সৰ্থেবাৰীত প্ৰতি বছৰৰ দৰে এইবাৰো পালন কৰা হৈছে শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ ৷ 154 সংখ্যক এই ঐতিহাসিক সভা মহোৎসৱত আজি আয়োজন কৰা হয় এক হোম যজ্ঞৰ ৷ 108 গৰাকী বিজ্ঞ ব্ৰাহ্মণ পণ্ডিতে পুৰ্ণাহুতি প্ৰদান কৰিলে এই হোম যজ্ঞত ৷ এই সভা মহোৎসৱত হোম যজ্ঞৰ সমান্তৰালকৈ অনুষ্ঠিত কৰা হয় ভাগৱত পাঠ আৰু ৰাজহুৱা নাম প্ৰসঙ্গৰ লগতে এক বিশাল বাণিজ্য মেলা ৷
লগতে পঢ়ক ঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যজুৰি পালন কৰা হ'ল মহাবীৰ চিলাৰায় দিৱস