নগাঁও, 9 ডিচেম্বৰ : সুৰসূৰ্য সূৰ্যকুমাৰ ৰাজাক গীতিকাৰ মলিন বৰা সোঁৱৰণী "মুকুতাৰ মালা" বঁটা প্ৰদান ৷ নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি অৰ্থাৎ শনিবাৰে আয়োজিত মলিন বৰা মেম'ৰিয়েল সংগীত সাধনালয়ৰ 19 সংখ্যক প্ৰতিষ্ঠা দিৱসত মলিন বৰাৰ কন্যা আৰতি প্ৰধানী , পুত্ৰ আশিস বৰা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ঠগিত মহন্ত, লোকগীতৰ শিল্পী গোলাপ বৰা, শিল্পী দীপালী দাস আদিৰ উপস্থিতিত গীতিকাৰ সূৰ্যকুমাৰ ৰাজাত এই বঁটা প্ৰদান কৰা হয় ৷ মলিন বৰা মেম'ৰিয়েল সংগীত সাধনালয়ে প্ৰদান কৰে এই বঁটা ৷
মলিন বৰা মেম'ৰিয়েল সংগীত সাধনালয়ৰ হৈ বঁটা প্ৰদান কৰে সাধনালয়ৰ অধ্যক্ষ তথা মলিন বৰাৰ নাতিনী মনমনা বৰা আৰু মলিন বৰাৰ পৰিয়ালবৰ্গই ৷ বঁটা গ্ৰহণ কৰি শিল্পী সূৰ্যকুমাৰ ৰাজা আৰু পত্নী দীপা বৰা ৰাজাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ এই বঁটা প্ৰদান অনুষ্ঠানত গীতিকাৰ গৰাকীয়ে এৰি অহা দিন আৰু সুৰকাৰ তাৰিক উদ্দিনৰ স্মৃতি ৰোমণ্ঠন কৰে ৷
উল্লেখ্য যে, এই বঁটাৰ লগত আছে এখন আদৰণি বস্ত্ৰ, এখন চেলেং, এখন শৰাই, প্ৰশস্তি পত্ৰ আৰু নগদ পাঁচ হাজাৰ টকা ৷ সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত মলিন বৰাৰ গীতৰ সংকলন সম্পাদনা আৰু প্ৰকাশ কৰাৰ বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা আৰু নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণকুমাৰ বৰুৱাক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে মলিন বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয় ৷ মলিন বৰা মেম'ৰিয়েল সংগীত সাধনালয়ৰ অধ্যক্ষ মলিন বৰাৰ নাতিনী মনমনা বৰাই সংগীত পৰিৱেশন কৰা অনুষ্ঠানত সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নৃত্য-গীত পৰিৱেশন কৰে ৷
লগতে পঢ়ক : ধেমাজিত দুদিনীয়াকৈ অনুষ্ঠিত একাংকিকা নাট প্ৰতিযোগিতা