ETV Bharat / state

সমষ্টি এৰি ক’ত হেৰাল সাংসদ গৌৰৱ গগৈ ?

author img

By

Published : May 27, 2021, 11:06 PM IST

ক’ভিড ১৯ ৰ এই দুৰ্যোগৰ সময়ত সাধাৰণ লোকে ছাঁটোকে দেখিবলৈ পোৱা নাই এগৰাকী সাংসদৰ । ধিং, ৰূপহীহাট, বটদ্ৰৱা, চামগুৰি সমষ্টিৰ পৰা অধিকাংশ ভোট লাভ কৰি, লোকসভালৈ নিৰ্বাচিত হোৱা সাংসদ গৌৰৱ গগৈৰ যেন কোনো দায়িত্বই নাই এই সমষ্টিকেইটাৰ জনতাৰ প্ৰতি । নিৰ্বাচনৰ আগে আগে দিনে-ৰাতিয়ে জনতাৰ কাষত থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া গৌৰৱৰ এতিয়া ৰাইজৰ বাবে নাই অকণো সময় ।

locals-of-kaliabor-angry-with-mp-gaurab-gogoi
সমষ্টি এৰি ক’ত হেৰাল সাংসদ গৌৰৱ গগৈ ?

নগাঁও,27 মে’: বিপদৰ সময়ত সদায় জনসাধাৰণে কাষত বিচাৰে জনপ্ৰতিনিধিক । কিন্তু ক’ভিড ১৯ ৰ এই দুৰ্যোগৰ সময়ত সাধাৰণ লোকে ছাঁটোকে দেখিবলৈ পোৱা নাই এগৰাকী সাংসদৰ । ধিং, ৰূপহীহাট, বটদ্ৰৱা, চামগুৰি সমষ্টিৰ পৰা অধিকাংশ ভোট লাভ কৰি, লোকসভালৈ নিৰ্বাচিত হোৱা সাংসদ গৌৰৱ গগৈৰ যেন কোনো দায়িত্বই নাই এই সমষ্টিকেইটাৰ জনতাৰ প্ৰতি । নিৰ্বাচনৰ আগে আগে দিনে-ৰাতিয়ে জনতাৰ কাষত থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া গৌৰৱৰ এতিয়া এক মিনিটো নাই ৰাইজৰ বাবে । ধিং-ৰূপহীহাট গগৈ পৰিয়ালৰ আপোন বুলি কয় নিৰ্বাচনৰ পূৰ্বে । নিৰ্বাচন পাৰ হোৱাৰ পিছত ধিং, ৰূপহীহাট, বটদ্ৰৱা যেন মনতেই নাথাকে গৌৰৱ গগৈৰ ৷

সমষ্টি এৰি ক’ত হেৰাল সাংসদ গৌৰৱ গগৈ ?

খোদ ভোটাৰৰ মতেই সম্প্ৰতি সন্ধান নোপোৱা হৈছে সাংসদ গৌৰৱ গগৈৰ । ক’ভিড-১৯ৰ ভয়াৱহ সময়ত ভোটাৰে সন্ধান পোৱা নাই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ । বছৰ বছৰ ধৰি গগৈ পৰিয়ালে প্ৰতিনিধিত্ব কৰা কলিয়াবৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ । সাংসদজনৰ সমষ্টিটোৰ ধিং, বটদ্ৰৱা, ৰূপহীহাট আৰু চামগুৰি সমষ্টিৰ পৰাই সৰ্বাধিক ভোট লাভ কৰি দ্বিতীয়বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল গৌৰৱ গগৈ । নিৰ্বাচনৰ সময়ত ধিং, ৰূপহীহাটলৈ মনত পৰে গৌৰৱৰ । কেৱল মনত পৰাই নহয়, ধিং ৰূপহীহাট সমষ্টিয়েই আটাইতকৈ আপোন সমষ্টি হৈ পৰে গগৈ পৰিয়ালৰ । সমষ্টিকেইটাৰ ভোটাৰেও হিয়া উজাৰি ভোটদান কৰে গগৈ পৰিয়ালক । ফেচবুকৰ জৰিয়তে এতিয়া বহু কংগ্ৰেছীয়েও সহায় বিচাৰিছে সাংসদৰ ৷

যিসময়ত কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈ নিজাববীয়া প্ৰচেষ্টাৰে সেৱা কেন্দ্ৰ স্থাপন কৰি কাম কৰিছে ৰাইজৰ বাবে, সেই সময়তে কিন্তু গৌৰৱ গগৈৰ নাই কোনো সন্ধান ।

লগতে পঢ়ক: সাৰ্বভৌমত্ব অবিহনে আলোচনালৈ পৰেশ বৰুৱা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.