ETV Bharat / state

গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বৰঘূলিবাসীয়ে

author img

By

Published : Jun 14, 2020, 2:08 PM IST

আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত বান বিধ্বস্ত কলিয়াবৰৰ বৰঘূলি অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱা সাংসদ গৌৰৱ গগৈ আৰু চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুচেইনক লৈ ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ ৷

local peoples of kaliabor barghuli criticize mp gaurav gogoi and mla rakibul hussain

কলিয়াবৰ, 14 জুনঃ বান বিধ্বস্ত কলিয়াবৰৰ বৰঘূলি অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱা সাংসদ গৌৰৱ গগৈ আৰু চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ শুকুৰবাৰে বান বিধ্বস্ত অঞ্চলটো পৰিদৰ্শন কৰিবলৈ গৈছিল কংগ্ৰেছৰ দুয়োগৰাকী নেতা ৷ আনলক 1ৰ সময়ত চৰকাৰী সকলো নিয়ম উলংঘা কৰাৰ লগতে নিৰ্বাচনৰ প্ৰাকক্ষণত দুয়োগৰাকী নেতাই বৰঘূলি অঞ্চল পৰিদৰ্শন কৰাটোক সস্তীয়া ৰাজনীতি কৰা বুলি অভিযোগ কৰে স্থানীয় লোকে ৷

গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বৰঘূলিবাসীয়ে

স্থানীয় ৰাইজৰ অভিযোগ 15 বছৰে অসমৰ মুখ্যমন্ত্ৰী হৈ থকা সত্বেও বৰঘূলিবাসী ৰাইজৰ দীৰ্ঘদিনীয়া বান সমস্যাৰ সমাধান কৰিব নোৱাৰিলে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, সাংসদ দীপ গগৈ কিন্বা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈয়েও ৷ উল্লেখ্য যে, বৰঘূলি অঞ্চল পৰিদৰ্শনৰ সময়ত দুয়োগৰাকী নেতাই অঞ্চলটোত জল সম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে কৰা কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰে আৰু সেই কামত দুৰ্নীতি হোৱা বুলি অভিযোগ কৰে ৷ নেতা কেইগৰাকীৰ এনে মন্তব্যক ৰঘূলীবাসীয়ে কোনো কাৰণতে মানি নলয় বুলি উল্লেখ কৰে, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ বৰঘূলি আঞ্চলিকৰ সদস্য তথা স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ নিৰ্বাচন যিকোনো সময়তে অনুষ্ঠিত হ'লেও দলত কোনো প্ৰভাৱ নপৰে : ৰঞ্জিত কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.