ETV Bharat / state

থলুৱা শিপিনীৰ বাবে কলিয়াবৰ আছুৰ বিশেষ পদক্ষেপ

থলুৱা শিপিনীক অৰ্থনৈতিকভাবে সবল কৰাৰ লগতে এক উদ‍্যোগ স্থাপনৰ লক্ষ‍্য আগত ৰাখি এই অভিযান বিগত বছৰৰ পৰা আৰম্ভ কৰিছিল। জখলাবন্ধাস্থিত অসম ৰাজ‍্যিক পৰিবহণ নিগমৰ আস্থানৰ সমীপত এই বিক্ৰী কেন্দ্ৰই স্থানীয় গ্ৰহকক থলুৱা গামোচা যোগান ধৰিবলৈ সক্ষম হ'ব বুলি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই আশা প্ৰকাশ কৰে ৷

থলুৱা শিপিনীৰ বাবে কলিয়াবৰ আছুৰ বিশেষ পদক্ষেপ
author img

By

Published : Apr 13, 2019, 1:50 AM IST

কলিয়াবৰ, 13 এপ্ৰিলঃ থলুৱা শিপিনীক অৰ্থনৈতিকভাৱে সবল কৰাৰ লক্ষ‍্যৰে শুকুৰবাৰে জখলাবন্ধাত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ 'থলুৱা গামোচা বিক্ৰী কেন্দ্ৰ' মুকলি কৰা হয় ৷

থলুৱা শিপিনীৰ বাবে কলিয়াবৰ আছুৰ বিশেষ পদক্ষেপ
এই থলুৱা গামোচা বিক্ৰী কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কলিয়াবৰ শাখা সাহিত‍্য সভাৰ সভাপতি অৰবিন্দ বৰগোহাঁয়ে। থলুৱা শিপিনীক অৰ্থনৈতিকভাবে সবল কৰাৰ লগতে এক উদ‍্যোগ স্থাপনৰ লক্ষ‍্য আগত ৰাখি এই অভিযান বিগত বছৰৰ পৰা আৰম্ভ কৰিছিল কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।

বিগত বছৰত সংগঠনটোৰ উদ্যোগত স্থানীয় শিপিনীসকলে দহ হাজাৰতকৈ অধিক গামোচা উৎপাদন কৰিছিল ৷ ছাত্ৰ সংগঠনটোৱে থলুৱা শিপিনীসকলৰ উৎপাদিত গামোচাক এখন বজাৰ দিয়াৰ বাবে এই প্ৰয়াস গ্ৰহণ কৰিছে ৷ জখলাবন্ধাস্থিত অসম ৰাজ‍্যিক পৰিবহণ নিগমৰ আস্থানৰ সমীপত এই বিক্ৰী কেন্দ্ৰই স্থানীয় গ্ৰহকক থলুৱা গামোচা যোগান ধৰিবলৈ সক্ষম হ'ব বুলি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই আশা প্ৰকাশ কৰে ৷

Intro:
থলুৱা গামোচাৰে ৰঙালীৰ ৰং
বহিৰাগত গামোচাৰ বিপৰীতে অসমৰ স্বাভিমান থলুৱা গামোচাৰ সমাদৰ
থলুৱা শিপিনীক অৰ্থনৈতিকভাবে সবল কৰাৰ লক্ষ‍্য
জখলাবন্ধাত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ "থলুৱা গামোচা বিক্ৰী কেন্দ্ৰ" মুকলি
কলিয়াবৰীয়া শিপিনীৰ সহযোগত গামোচা উৎপাদনৰ অভিনৱ যাত্ৰাৰ দ্বিতীয় বৰ্ষ।
নিজ চিলাবন্ধা গাঁৱৰ প্ৰায় চল্লিশ গৰাকী শিপিনীৰ তাতশালত প্ৰাণ পাই উঠিল অসমীয়াৰ হেঁপাহৰ বিহুৱান‌।
থলুৱা গামোচা লৈ গ্ৰাহকৰ হেতা-ওপৰা
মূহুৰ্ততে বিক্ৰী হ'ল সহস্ৰাধিক গামোচা।Body:সমাগত ৰঙালী বিহুৰ প্ৰাক-ক্ষণত শুক্ৰবাৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ‍্যোগত জখলাবন্ধাত থলুৱা গামোচা বিক্ৰী কেন্দ্ৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰে কলিয়াবৰ শাখা সাহিত‍্য সভাৰ সভাপতি অৰবিন্দ বৰগোঁহাইয়ে মুকলি কৰে। থলুৱা শিপিনীক অৰ্থনৈতিকভাবে সবল কৰাৰ লগতে এক উদ‍্যোগ স্থাপনৰ লক্ষ‍্য আগত ৰাখি এই অভিযান যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিল। জখলাবন্ধা স্থিত অসম ৰাজ‍্যিক পৰিবহন নিগমৰ আস্থানৰ সমীপত এই বিক্ৰী কেন্দ্ৰই স্থানীয় গ্ৰহকক থলুৱা গামোচা যোগান ধৰিবলৈ সক্ষম হ'ব বুলি ছাত্ৰ সন্থাৰ বিষয়-ববীয়াই আশা প্ৰকাশ কৰেConclusion:visuals/bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.