ETV Bharat / state

স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত মমৰ পোহৰত ৰাজহমন্ত্ৰীৰ সভা

মমবাতিৰ পোহৰত দলীয় কৰ্মীৰে মিলিত হ'ল মন্ত্ৰী যোগেন মহন । মন্ত্ৰীক পোহৰ যোগান ধৰিবলৈ দলীয় কৰ্মীসকলে জ্বলালে ম'বাইলৰ ফ্লাছ লাইট । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত দেখা গ’ল এই দৃশ্য ৷

Load shedding at Jogen Mohan meeting
স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত মমৰ পোহৰত ৰাজহমন্ত্ৰীৰ সভা
author img

By

Published : Jun 10, 2022, 10:53 PM IST

কলিয়াবৰ, 10 জুন: কলিয়াবৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত(Kaliabor BJP Office) মমবাতিৰ পোহৰত দলীয় কৰ্মীৰে মিলিত হ'ল মন্ত্ৰী যোগেন মহন (Revenue minister Jogen Mohan) । মন্ত্ৰীক পোহৰ যোগান ধৰিবলৈ দলীয় কৰ্মীসকলে জ্বলালে ম'বাইলৰ ফ্লাছ লাইট ।

স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত মমৰ পোহৰত ৰাজহমন্ত্ৰীৰ সভা

শনিবাৰে তেজপুৰত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকৰ পূৰ্বে হঠাৎ কলিয়াবৰত দলীয় কাৰ্যকৰ্তাৰে অলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী । সেই সময়তে লাগিল অথন্তৰ । বিদ্যুতৰ লোড-শ্বেডিং আৰু উৎকট গৰমৰ মাজতে মমবাতিৰ পোহৰতে মন্ত্ৰীগৰাকীক শুশ্ৰষা কৰিবলগীয়া হ’ল দলীয় নেতা-কৰ্মীয়ে (Load shedding at Jogen Mohan meeting)।

24 ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ মন্ত্ৰীৰ উপস্থিতিতে বিদ্যুতৰ লুকাভাকু সন্দৰ্ভত যোগেন মহনক সোধা হ’ল প্ৰশ্ন ৷ সাংবাদিকৰ প্ৰশ্নোত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, এই সমস্যা দূৰ কৰিবলৈ চৰকাৰে আন্তৰিকতাৰে চেষ্টা চলাই আছে ৷

লগতে পঢ়ক: চৰকাৰে দিনে নিশাই কাম কৰিছে ৰাইজৰ বাবে: সোণাৰিত মন্ত্ৰী যোগেন মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.