ETV Bharat / state

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত নগাঁৱত বাওঁদলৰ প্ৰতিবাদ

বুধবাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত নগাঁৱত চি পি এম(CPM), চি পি আই এম(CPIM), চি পি আই এম এল(CPIML), নিখিল ভাৰত কৃষক সভা আদিকে ধৰি বাওঁদলসমূহে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ শাসক বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বাওঁ দলসমূহৰ কৰ্মীসকলে ৷

author img

By

Published : Jun 30, 2021, 9:38 PM IST

left parties protest againts price hike in nagaon
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত নগাঁৱত বাওঁদলৰ প্ৰতিবাদ

নগাঁও, 30 জুন : ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে ভাল পদক্ষেপ লৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে । ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত থকা মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰক বিজেপি মিত্ৰজোঁট ৰাজ্য চৰকাৰখনে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য কৰে নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰাতুল বৰাই ।

পেট্ৰ’ল, ডিজেলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত বুধবাৰে নগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে চি পি এম(CPM), চি পি আই এম(CPIM), চি পি আই এম এল(CPIML), নিখিল ভাৰত কৃষক সভা আদিকে ধৰি বাওঁদলসমূহে । এফালে ক'ভিডৰ আতংক আনফালে মূল্যবৃদ্ধিয়ে সাধাৰণ লোকক জুৰুলা কৰিছে বুলি মন্তব্য কৰি অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰি সাধাৰণ জনতাক সকাহ দিবলৈ দাবী উত্থাপন কৰে সংগঠন কেইটাৰ বিষয়ববীয়াই ৷

উল্লেখ্য যে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক বাওঁপন্থী কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ শাসক বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বাওঁ দলসমূহৰ কৰ্মীসকলে ৷

ক'ভিড সৃষ্ট পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা আংশিক লক ডাউনৰ ফলত বহু পৰিয়ালৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে ৷ যাৰ বাবে প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যৰ প্ৰতি 10 কেজিকৈ চাউল, দালি আদি খাদ্য সামগ্ৰী ছমাহলৈ বিনামূলীয়াকৈ প্ৰদান কৰাৰ দাবী উত্থাপন কৰে দলসমূহে । লগতে আয়কৰ আওঁতাত নথকা প্ৰতিটো পৰিয়ালক মাহে ৭,৫০০ টকাকৈ প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে বাওঁদলৰ নেতা কৰ্মীসকলে ৷

লগতে পঢ়ক: বিধায়ক ৰকিবুল হুছেইনক ফোনযোগে প্ৰাণ নাশৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.