ETV Bharat / state

স্বাস্থ্যমন্ত্রীলৈ পত্র সাংসদ আব্দুল খালেকৰ - স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত

ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যখণ্ডৰ আন্তঃগাঠনি শক্তিশালী কৰক। স্বাস্থ্য খণ্ডৰ নিৰ্মাণকাৰ্য চলি থকা প্ৰকল্প সমূহ অগ্ৰাধিকাৰ ভিত্তিত শীঘ্ৰে সম্পূৰ্ণ কৰক। বৰ্তমান সময়ত অত্যন্ত প্ৰয়োজনীয় আই চি ইউৰ ব্যৱস্থা সমূহ শীঘ্ৰে কাৰ্যক্ষম কৰি তোলক।

সাংসদ আব্দুল খালেকৰ স্বাস্থ্যমন্ত্রীলৈ পত্র

author img

By

Published : May 18, 2021, 5:44 PM IST

গুৱাহাটী, ১৮ মে': ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডটো অধিক শক্তিশালী আৰু উন্নত কৰাৰ প্ৰয়োজন আছে । ৰাজ্যৰ স্বাস্থ্যমন্ত্রীৰ প্ৰতি এই আহ্বান সাংসদ আব্দুল খালেকৰ । ৰাজ্যৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি সাংসদ আব্দুল খালেকে নৱ নিযুক্ত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তলৈ কেতবোৰ দাবী আৰু পৰামৰ্শৰে এখন পত্র প্ৰেৰণ কৰে ।

পত্রযোগে সাংসদ খালকে নৱ নিযুক্ত স্বাস্থ্যমন্ত্রীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, স্বাস্থ্যখণ্ডৰ নিৰ্মিয়মান প্ৰকল্পসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰিব লাগে । তেওঁ কয় যে, বৰ্ত্তমান সময়ত কৰ'ণা ৰোগীৰ চিকিৎসাৰ বাবে আই চি ইউৰ প্ৰয়োজনীয়‍তা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু তেনেস্থলত নিৰ্মিয়মান আই চি ইউৰ প্ৰকল্পসমূহ অগ্ৰাধিকাৰ ভিত্তিত শীঘ্ৰে সম্পূৰ্ণ কৰি কাৰ্যক্ষম কৰিব লাগে ।

সাংসদ আব্দুল খালেকৰ স্বাস্থ্যমন্ত্রীলৈ পত্র
সাংসদ আব্দুল খালেকৰ স্বাস্থ্যমন্ত্রীলৈ পত্র

বনগাঁও চিভিল হাস্পতালত আই চি ইউৰ নিৰ্মাণকাৰ্য চলি আছে বুলি উল্লেখ কৰি সাংসদ খালেকে বৰপেটা চিভিল হাস্পতালত আই চি ইউৰ ব্যৱস্থা কৰাৰ বাবে স্বাস্থ্য মন্ত্রীৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ কয় যে বৰপেটা চিভিল হাস্পতালত আই চি ইউৰ ব্যৱস্থা হ’লে ৰোগীসকলে চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা মূল্যবান সময় বাহিৰলৈ যোৱাত অপব্যয় নহ'ব।

আনহাতে বজালীত এশখন বিচনাযুক্ত চিভিল হাস্পতাল নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ লগতে আই চি ইউৰ ব্যৱস্থা কৰাৰ বাবে তেওঁ স্বাস্থ্যমন্ত্রীৰ প্ৰতি আহ্বান জনায়। তদুপৰি ফাষ্ট ৰেফাৰেল ইউনিট আৰু সমূহীয়া স্বাস্থ্য কেন্দ্ৰসমূহত আই চি ইউ স্থাপন কৰাৰ বিষয়টো বিবেচনা কৰাৰ বাবে তেওঁ স্বাস্থ্যমন্ত্রীৰ প্ৰতি অনুৰোধ জনায়।

বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পত্রত উল্লেখ কৰা দিশসমূহ গুৰুত্ব সহকাৰে লোৱাৰ বাবে সাংসদ আব্দুল খালেকে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ প্ৰতি আহ্বান জনায় ।

লগতে পঢ়কঃ মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.