ETV Bharat / state

Lat Mandal apprehended: ঘোচ লৈ জালত পৰিল দুই লাট মণ্ডল

author img

By

Published : Mar 23, 2023, 7:01 PM IST

পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল লাট মণ্ডল ৷ নগাঁৱৰ ধিং ৰাজহচক্ৰ কাৰ্যালয়ৰ লাট মণ্ড পিনাকী দেৱনাথক আটক দুৰ্নীতি নিবাৰক শাখাৰ ৷ পূৰ্বেও পিনাকী দেৱনাথে উৎকোচ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে (Lat Mandal apprehended at Dhing) ৷ তেজপুৰতো পৰাগ বৰা নামৰ আন এজন লাট মণ্ডল আটক ৷

Lat Mandal apprehended
ঘোচ লৈ জালত পৰিল ধিং ৰাজহচক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল পিনাকী দেৱনাথ

নগাঁও/তেজপুৰ, 23 মাৰ্চ: ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে তৎপৰ দুৰ্নীতি নিবাৰক শাখা । এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত নগাঁৱৰ ধিং ৰাজহচক্ৰৰ লাট মণ্ডল (Dhing revenue circle) ৷ ঘোচ লৈ আটক হ’ল লাট মণ্ডল পিনাকী দেৱনাথ ।

নগাঁৱৰ ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল পিনাকী দেৱনাথ আটক হয় এজন লোকৰ পৰা ঘোচ লোৱাৰ অভিযোগত । আটকাধীন লাট মণ্ডল পিনাকী দেৱনাথক কাৰ্যালয়টোৰ ভিতৰতে সম্প্ৰতি সোধা-পোচা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে । পৰৱৰ্তী সময়ত লাট মণ্ডল পিনাকী দেৱনাথক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ যোৱাৰ সম্ভাৱনা আছে (Lat Mandal Pinaki Devnath apprehended) ৷

লাট মণ্ডল পিনাকী দেৱ নাথৰ বাসগৃহতো দুৰ্নীতি নিবাৰক শাখাৰ দলে অভিযান চলোৱাৰো পূৰ্ণ সম্ভাৱনা আছে । উল্লেখ্য যে, এইগৰাকী ঘোচখোৰ লাট মণ্ডল পিনাকী দেৱনাথে এটা সপ্তাহৰ পূৰ্বেও এটা চহীৰ বাবদ 500 টকাৰ ঘোচ লোৱাৰ ভিডিঅ’ ইতিমধ্যে পোহৰলৈ আহিছে (Bribery charge against Lat Mandal) ।

ঘোচখোৰ মণ্ডল পিনাকী দেৱনাথক গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছে আৰু বহু জনৰ পৰা মাটিৰ কামৰ বাবদ ঘোচ লৈ কাম নকৰাৰ গুৰুতৰ অভিযোগ । লগতে ধিং চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত প্ৰায় কেইজন লাট মণ্ডলে গোচ লৈ কাম কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে একাংশ ভুক্তভোগী লোকে (Apprehended on bribery charges) ৷

ইফালে, তেজপুৰৰ ঠেলামৰাতো আটক হ’ল লাট মণ্ডল ৷ 15 হাজাৰ টকাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হ’ল ঠেলামৰাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল পৰাগ বৰা ৷ লাট মণ্ডল পৰাগ বৰাৰ বাসগৃহতো অভিযান দুৰ্নীতি নিবাৰক শাখাৰ ৷ আনহাতে এই মণ্ডল গৰাকীৰ বিৰুদ্ধে তেজপুৰ মুঢ়া তেঁতেলীৰ ভবেন্দ্ৰ নাথ তামুলীয়ে এখন চুইছাইড নোট লিখি থৈ গৈছিল ধন লোৱাৰ অভিযোগ উত্থাপিত কৰি (Lat Mandal apprehended in Tezpur) ।

উল্লেখ্য যে, বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছিল 4 গৰাকীকৈ চৰকাৰী বিষয়া-কৰ্মচাৰী ৷ ইয়াৰ ভিতৰত আছিল গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা ইন্দ্ৰজিৎ বৰা (GMC chief engineer arrested) ৷ এগৰাকী ব্যক্তিৰ সুৰক্ষা জমা মুকলাই দিয়াৰ বাবদ উৎকোচ গ্ৰহণ কৰিছিল ইন্দ্ৰজিৎ বৰাই ৷ ইন্দ্ৰজিৎ বৰাৰ বাসগৃহতো দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই নগদ ধনৰ লগতে উদ্ধাৰ কৰিছিল এটা পিষ্টল আৰু সক্ৰিয় গুলী ৷

মুঠৰ ওপৰত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাচতো দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰে ভৰিছে চৰকাৰী কাৰ্যালয় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সকীয়নিৰ পাচতো গা-লৰা নাই একাংশৰ ৷

লগতে পঢ়ক: Apprehended on bribery charges: দুৰ্নীতি নিবাৰক শাখাৰ জালত চাৰি ঘোচখোৰ চৰকাৰী কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.