ETV Bharat / state

ন ৰূপত সাজু লাওখোৱা আৰু বুঢ়াচাপৰি বনাঞ্চল

author img

By

Published : Jan 2, 2020, 5:02 PM IST

Updated : Jan 4, 2020, 12:36 PM IST

পৰ্যটকৰ বাবে সাজু কৰা হৈছে লাওখোৱা আৰু বুঢ়াচাপৰি ৷ বন বিভাগে পৰ্যটকৰ বাবে ব্যৱস্থা কৰিছে জীপ চাফাৰী, হাতী চাফাৰী আৰু নৌকা বিহাৰ ৷

লাওখোৱা আৰু বুঢ়ীচাপৰি বনাঞ্চল
লাওখোৱা আৰু বুঢ়ীচাপৰি বনাঞ্চল

লাওখোৱা, 2 জানুৱাৰীঃ মৃতপ্ৰায় অৱস্থাৰ পৰা ক্ৰমাৎ ঘুৰি আহিছে এসময়ৰ বিশ্ব বিখ্যাত লাওখোৱা আৰু বুঢ়াচাপৰি বনাঞ্চল ৷ প্ৰাপ্ত তথ্য মতে, লাওখোৱা আৰু বুঢ়াচাপৰিত এইবাৰ পৰ্যটকক আকৰ্ষিত কৰিবলৈ গ্ৰহণ কৰা হৈছে বিভিন্ন পদক্ষেপ ৷ নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ টি.চি ৰঞ্জিতৰ তৎপৰতাত বন বিভাগে আটক ধুনীয়াকৈ সজাই তুলিছে বনাঞ্চল দুখন ৷

পৰ্যটকক আদৰিবলৈ সাজু লাওখোৱা আৰু বুঢ়াচাপৰি বনাঞ্চল

লগতে পঢ়ক: নৱবৰ্ষৰ প্ৰৰম্ভণিতে গোৱালপাৰাৰ গৰুচটকাত ৰাইজৰ উল্লাহ

লাওখোৱা, 2 জানুৱাৰীঃ মৃতপ্ৰায় অৱস্থাৰ পৰা ক্ৰমাৎ ঘুৰি আহিছে এসময়ৰ বিশ্ব বিখ্যাত লাওখোৱা আৰু বুঢ়াচাপৰি বনাঞ্চল ৷ প্ৰাপ্ত তথ্য মতে, লাওখোৱা আৰু বুঢ়াচাপৰিত এইবাৰ পৰ্যটকক আকৰ্ষিত কৰিবলৈ গ্ৰহণ কৰা হৈছে বিভিন্ন পদক্ষেপ ৷ নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ টি.চি ৰঞ্জিতৰ তৎপৰতাত বন বিভাগে আটক ধুনীয়াকৈ সজাই তুলিছে বনাঞ্চল দুখন ৷

পৰ্যটকক আদৰিবলৈ সাজু লাওখোৱা আৰু বুঢ়াচাপৰি বনাঞ্চল

লগতে পঢ়ক: নৱবৰ্ষৰ প্ৰৰম্ভণিতে গোৱালপাৰাৰ গৰুচটকাত ৰাইজৰ উল্লাহ

Intro:পুনৰজীৱিত হোৱাৰ পথত এসময়ৰ বিশ্ববিখ্যাত লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য। ক্ৰমান্বয়ে বৃদ্ধি পাইছে পৰ্য্যটকৰ সংখ্যা। বন বিভাগৰ তৎপৰতাত পুনৰ পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে লাওখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য। পৰ্য্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে অভয়াৰণ্য দুখনৰ কেবাটাও এলেকা।


Body:পুনৰজীৱিত হোৱাৰ পথত লাওখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য।
অভয়াৰণ্য দুখনত বৃদ্ধি পাইছে পৰ্য্যটকৰ সংখ্যা।
হয়, মৃতপ্ৰায় অৱস্থাৰ পৰা যেন ক্ৰমাৎ ঘূৰি আহিছে এসময়ৰ বিশ্ব বিখ্যাত লাওখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য। এই দৃশ্য লাওখোৱা অভয়াৰণ্যৰ কাটাখালৰ। এসময়ত চোৰাং চিকাৰী, চোৰাং কাঠ ব্যৱসায়ীৰ ৰম্যভূমিত পৰিণত হোৱা লাওখোৱা, বুঢ়াচাপৰিত এইবাৰ পৰ্য্যটকৰ আকৰ্ষণৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ। নগাওঁ বন্যপ্ৰাণী সংমণ্ডল বিষয়া টি চি ৰঞ্জিতৰ তৎপৰতাত বন বিভাগে অটকধুনীয়াকৈ সঁজাইছে লাওখোৱাৰ কাটাখাল অঞ্চল। পৰ্য্যটকৰ বাবে কৰিছে হাতী চাফাৰী, নৌকা বিহাৰৰ ব্যৱস্থা। ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন অব্যাহত থকাৰ সময়তো লাওখোৱাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ ভিৰ কৰিছে বহু পৰ্য্যটকে। শীতৰ বতৰত অভয়াৰণ্য দুখনৰ বিভিন্ন বিল খাল মুখৰিত হয় দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ কাকলিত। নান্দনিক প্ৰাকৃতিক পৰিৱেশ অভয়াৰণ্য দুখনৰ বিল খাল সমূহত। একেদৰে পৰ্য্যটকৰ বাবে মুকলি কৰিছে বুঢ়াচাপৰিও। ব্ৰক্ষ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ বুঢ়াচাপৰিত বন বিভাগে ব্যবস্থা কৰিছে যন্ত্ৰচালিত নাওৰ। সমান্তৰালকৈ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে লাওখোৱা অভয়াৰণ্যৰ দন্দুৱা অঞ্চলো।
bite- ডি এফ অ



Conclusion:মুঠৰ ওপৰত বন বিভাগৰ অকৰ্মণ্যতাৰ বাবে লাওলোৱা হৈ পৰা লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য দুখনে যেন পুনৰ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে পৰ্য্যটকক। অভয়াৰণ্য দুখনৰ তিনিওটা অঞ্চলতে নৱবৰ্ষৰ আৰম্ভণিতে ভিৰ কৰিছে পৰ্য্যটকে। অভয়াৰণ্য দুখনৰ নান্দনিক দৃশ্য উপভোগ কৰি উৎফুল্লিত পৰ্য্যটকসকল।
bite- পৰ্যটক।
-------------------------------------------------------------------------
ৰূপহীহাটৰ পৰা উত্তম বৰাৰ সহযোগত নগাৱঁৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম।
Last Updated : Jan 4, 2020, 12:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.