ETV Bharat / state

জুৰীয়াত এন্ধাৰৰ সুযোগ লৈ চৰকাৰী মাটি দখলৰ অভিযোগ একাংশ লোকৰ - END কাৰ্যালয়

স্থানীয় লোকৰ অভিযোগ অনুসৰি জুৰীয়াৰ সুঁতিৰপাৰস্থিত END কাৰ্যালয়ত নিশা একাংশ লোকে মাটি দখলৰ প্ৰচেষ্টা কৰে ৷ ইয়াৰোপৰি একাংশ লোকে আগৰে পৰা এই স্থানত মাটি দখলৰ প্ৰচেষ্টা কৰি আহিছে ৷

অভিযোগ একাংশ লোকৰ
অভিযোগ একাংশ লোকৰ
author img

By

Published : Jan 28, 2020, 12:23 AM IST

জুৰীয়া, 27 জানুৱাৰীঃ জুৰীয়া সুঁতিৰপাৰস্থিত END কাৰ্যালয়ত নিশা একাংশ লোকে মাটি দখল কৰাৰ অভিযোগ ৷ প্ৰাপ্ত তথ্য অনুসৰি, ২৬ জানুৱাৰীৰ বাবে সকলো ব্যস্ত থকাৰ সুযোগ লৈ একাংশ লোকে ৰাতি এন্ধাৰৰ সুযোগ লৈ পকাখুটা পুতি মাটি দখলৰ প্ৰচেষ্টা চলায় ৷ END কাৰ্যালয়তৰ পৰা ৫০ মিটাৰ কাষতে সুঁতিৰপাৰ আৰক্ষী চকী অৱস্থিত যদিও আৰক্ষীয়ে কোনো খবৰ নাপালে এই কাৰ্যৰ ৷ পৰৱৰ্তী সময়ত আৰক্ষীক এখন এজাহাৰ দাখিল কৰাত সোমবাৰে জুৰীয়া আৰক্ষীৰ সহযোগত সেই স্থানৰ পৰা খুটা সমুহ তুলি পেলোৱা হয় ৷ স্থানীয় ৰাইজৰ মতে, বছৰৰ কোনোবাটো দিনৰ বাহিৰে বাকী সময় খিনিত কাৰ্যলয়টো তলা মৰা অৱস্থাত থকাৰ বাবে একাংশ লোকে আগৰে পৰা মাটি দখলৰ প্ৰচেষ্টা কৰি আহিছে ৷

জুৰীয়াত চৰকাৰী মাটি দখলৰ প্ৰচেষ্টা

লগতে পঢ়ক ঃ কন্ঠ নহয়, ডিব্ৰুগড়ত জুবিনৰ দুভৰিৰ যাদু

Intro:জুৰীয়াত চৰকাৰী মাটি দখলৰ প্ৰচেষ্টা একাংশ সংখ্যালঘু লোকৰ ৷Body: জুৰীয়া সুতিৰপাৰ স্থিত END Office ৰ মাটিত নিশা একাংশ সংখ্যালঘু লোকৰ মাটি দখলৰ প্ৰচেষ্টা ৷ ২৬ জানুৱাৰীৰ বাবে সকলো ব্যস্ত থকাৰ সুযোগ লৈ একাংশ লোকে ৰাতি এন্ধাৰৰ সুযোগ লৈ পকাখুটা পুতি মাটি দখলৰ প্ৰচেষ্টা চলাই ৷ নিশা কাৰ্যালয়ৰ কাষৰ থকা মাটি সমুহত পকাখুটা পুটি কাৰ্যালয়ৰ মাটি দখল কৰাৰ প্ৰচেষ্টা কৰে লোক সকলে ৷ END Office পৰা ৫০ মিটাৰ কাষতে সুতিৰপাৰ আৰক্ষী চকি অৱস্থিত যদিও আৰক্ষীয়ে একো ভুকে নাপালে মাটি দখলৰ ৷ পুৱা Office টোৰ চাৰিওপিনে পকা খুটি পুতি মাটি দখলৰ প্ৰচেষ্টা কৰা দেখি আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষীয়ে একো কৰিব পৰা নাছিল কিয়নো সেই সময়ত কোনোৱেই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা নাছিল আৰু দুষ্কৃতি কাৰিয়ে ৰাতি খুটা সমুহ পুতি থৈ পুৱা আতৰি গৈছিল ৷ গতিকে কোনে এই কাম কৰিছে তাৰো কোনো উত্তৰ নাছিল ৷ পাছত END Office ৰ ফালৰ পৰা সুতিৰপাৰ আৰক্ষীৰ ওচৰত এখন এজাহাৰ দিয়াত আজি ২৭ জানুৱাৰী তাৰিখে জুৰীয়া আৰক্ষীৰ সহযোগত খুটা সমুহ তুলি পেলোৱা হয় ৷ বানপানীৰ সময়ত হে এই Office টোত কৰ্মচাৰী দেখা যায় বাকী সময় খিনি তলা মাৰি থোৱাৰ বাবে একাংশ লোকে আগৰ পৰাই মাটি দখল কৰাৰ প্ৰচেষ্টা চলাই আছিল ৷
ৰূপহীহাটৰ পৰা
উত্তম কুমাৰ বৰা ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.