ETV Bharat / state

মাটিৰ বাবে লাগিল মাৰপিট; আহত ছুবেদ আলী-ইদ্ৰিছ আলীৰ পৰিয়ালৰ 12 জন - ছুবেদ আলী

চামগুৰিৰ বৰমাৰ ভগামুৰত ভূমি কেন্দ্ৰিক বিবাদক কেন্দ্ৰ কৰি দুইপক্ষৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ৷ এই সংঘাতত উভয়পক্ষৰ ১২ জনকৈ লোক আহত হয় ।

land-conflict-between-two-families-made-12-person-seriously-injured
মাটিৰ বাবে মাৰপিট কৰি ছুবেদ আলী-ইদ্ৰিছ আলীৰ পৰিয়ালৰ 12 জন আহত
author img

By

Published : Nov 7, 2021, 10:02 PM IST

চামগুৰি, 7 নবেম্বৰ : নগাঁও জিলাৰ চামগুৰিত দেওবাৰে সংঘটিত হোৱা ভূমিকেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । চামগুৰিৰ বৰমাৰ ভগামুৰত ভূমি কেন্দ্ৰিক বিবাদক কেন্দ্ৰ কৰি দুইপক্ষৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ৷ এই সংঘাlত উভয়পক্ষৰ ১২ জনকৈ লোক আহত হয় । জানিব পৰা মতে, অঞ্চলটোৰ ছুবেদ আলী নামৰ এজন লোকৰ পৰিয়ালে ইদ্ৰিছ আলী নামৰ লোকজনৰ পৰিয়ালক মাটি বিক্ৰী কৰিছিল ।

মাটিৰ বাবে মাৰপিট কৰি ছুবেদ আলী-ইদ্ৰিছ আলীৰ পৰিয়ালৰ 12 জন আহত

অভিযোগ অনুসৰি, দেওবাৰে ছুবেদ আলীৰ পৰিয়ালে বিক্ৰী কৰা ভূমি পুনৰ দখল কৰিবলৈ যোৱাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয় । ইয়াৰ বিপৰীতে ছুবেদ আলীৰ পৰিয়ালে অভিযোগ কৰামতে ইদ্ৰিছ আলীৰ পৰিয়ালৰ লোকে এগৰাকী মহিলাৰ নাম ভোটাৰ তালিকাত নীতি বৰ্হিঃভূতভাৱে ভৰ্তি হোৱাৰ বিৰুদ্ধে তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষক অভিযোগ দিছিল ।

ইয়াৰ বাবেই ইদ্ৰিছ আলীৰ পৰিয়ালে তেওঁলোকক আক্ৰমণ কৰে বুলি অভিযোগ কৰিছে ছুবেদ আলীৰ পৰিয়ালে । ঘটনাটোক কেন্দ্ৰ কৰি এনেধৰণৰ অভিযোগ-প্ৰতি অভিযোগ থাকিলেও দুয়োপক্ষৰ আক্ৰমণৰ ফলতেই ১২ জন লোক আহত হয় । আহত কেইবাজনকো নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে ।

ইয়াৰে ভিতৰত জাকিৰ হুছেইন নামৰ লোকজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে । এই আক্ৰমনত আহত লোক কেইজন হৈছে আনজাৰ হুছেইন, জাকিৰ হুছেইন,খিজিৰ হুছেইন, ইদ্ৰিছ আলি (গাঁওবুঢ়া), গুলজাৰ হুছেইন, মমতাজ বেগম, জছমিনা খাতুন, হুছনাৰা বেগম, ইউনুছ আলি, মাইনুদ্দিন, জয়নাল উদ্দিন, ময়দুল ৷
লগতে পঢ়ক : দীপাৱলীত মহানগৰীৰ বিভিন্ন স্থানত অগ্নিকাণ্ড সংঘটিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.